ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ২ নৱেম্বৰঃ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াকলৈ এতিয়ালৈকে স্থিতি স্পষ্ট নকৰাত ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভৰ্তসনা কৰে।
কেন্দ্ৰীয় চৰকাৰৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰক ন্যায়ালয়ৰ প্ৰশ্ন– অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কি হল? ২০১১ চনৰ লোকপিয়ল থকা চত্ত্বেও ২০০১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কিয় হাতত লোৱা হল? ২০২১ চনৰ লোকপিয়ল হবলৈও আৰু বেছি দিন নাই! তেনে থলত ইমান খৰধৰকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হাতত লোৱাৰ কাৰণ কি আছে?
বাস্তৱত এনেই কেতবোৰ প্ৰশ্ন সন্মুখত ৰাখি যোৱা মে মাহৰ পৰা উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ একাধিক জাননী জাৰি কৰা চত্ত্বেও আজিকোপতি কোনো উত্তৰ নিদিয়াত বৰকৈ ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে দীৰ্ঘ দিনৰ বিৰতিৰ পাছত সমগ্ৰ বিষয়টোত আজি শুনানী গ্ৰহণ কৰে।
ক্ষুব্ধ খণ্ড বিচাৰপীঠে অহা দুই সপ্তাহৰ ভিতৰত কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰক গুচৰীয়া পক্ষ সমূহে উত্থাপন কৰা প্ৰশ্ন সমূহৰ উত্তৰ প্ৰদান কৰিবলৈ আজি পুনৰ জাননী জাৰি কৰে।
মুখ্য ন্যায়াধীশ বোবডেই আজি ইমানে ক্ষুব্ধ আছিল যে তেওঁ একপক্ষীয়ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে। ‘অহা দুই সপ্তাহৰ ভিতৰত আপোনালোকে (কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ) শপতনামা দাখিল নকৰিলে আপোনালোকৰ যুক্তি নুশুনাকৈ আমি এই আবেদনখন নিষ্পত্তি কৰিম’– মুখ্য ন্যায়াধীশ গৰাকীয়ে এনেদৰে সকীয়াই দিয়ে।
উল্লেখ্য যে জমিয়েত উলেমা-ই-হিন্দ আৰু জনৈক কে এম জাকাৰিয়া বৰভূইয়াই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীত জাৰি কৰা জাননীক প্ৰত্যাহ্বান জনাই যোৱা মে মাহত সুকীয়া সুকীয়া আবেদন দাখিল কৰিছিল। ১৭ জুলাইত বিষয়টোৰ অন্তিমখন শুনানী গ্ৰহণ কৰা হৈছিল। সেই দিনাও ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক জাননী জাৰি কৰিছিল যদিও ইমানদিন ন্যায়ালয়ৰ নিৰ্দেশক আওকান কৰি আহিছিল
পিছে মুখ্য ন্যায়াধীশ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমানিয়ামেৰে গঠিত বিচাৰপীঠে চৰকাৰৰ আওকানীয়া মনোভাবকৈ আজি বৰকৈ ক্ষুব্ধ হৈ পৰে। ইয়াৰ পিছত দুই সপ্তাহৰ সময় বান্ধি দি কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ চৰম সময়সীমা বান্ধি দিয়ে। অন্যথা একপক্ষীয়ভাৱে শুনানী প্ৰক্ৰিয়া আম্ভ কৰা হব বুলি মুখ্য ন্যায়াধীশজনে কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে।
উল্লেখ্য যে কেৱল ২০০১ চনৰ লোকপিয়লৰ আধাৰত বুলি নহয়, অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত নোহোৱালৈকে কেনকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰি তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে গুচৰীয়া পক্ষসমূহে।
