ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৫ অক্টোবৰঃ বি টি আৰ চুক্তিৰ পাচত পুনৰ আন্দোলনত নামিল অধুনা লুপ্ত এন ডি এফ বিৰ সদস্যসকল ৷ শসস্ত্ৰ সংগ্ৰাম এৰি মুলসুঁতিলৈ ঘুৰি আহি এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে যোৱা ফেব্ৰ ুৱাৰী মাহত সম্পন্ন হৈছিল বি টি আৰ চুক্তি ৷ কিন্তু চুক্তি সম্পন্ন হোৱাৰ আঠমাহ পাচতো কেৱল কাগজতেই সীমাবদ্ধ থাকিব চুক্তিৰ বিষয়বস্তু।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই নিৰ্বিকাৰ ভূমিকাৰ প্ৰতিবাদত সোমবাৰে এন ডি এফ বিৰ শতাধিক কেডাৰে এক ধৰ্না কাৰ্যসুচী ৰূপায়ন কৰে। পাছত তেওঁলোকে বাক্সা জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দলৈ চুক্তি ৰূপায়াণৰ কথা সোঁৱৰাই দি এক স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷
প্ৰতিবাদকাৰী সকলে সোমবাৰে পুৱাৰ ভাগতেই কঁপাই তোলে মুছলপুৰৰ আকাশ বতাহ ৷ ৰঞ্জন দৈমাৰী গোট, ধীৰেণ বড়ো গোট আৰু বি চাওৰেগ্ৰা গোটৰ কেডাৰসকলে ঐক্যবদ্ধ হৈ কেবাটাও দাবী উত্থাপন কৰি ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী ৷ প্ৰাক্তন এন ডি এফ বি সকলক পুনৰ সংস্থাপন দিয়া, এন ডি এফ বিৰ বিৰুদ্ধে থকা গোচৰ সমুহ প্ৰত্যাহাৰ কৰা, কাৰাৰুদ্ধ এন ডি এফ বি নেতা-কেডাৰ সকলক মুক্তি দিয়া, চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বিৰ কেডাৰসকলক কৰ্মসংস্থাপন দিয়া আৰু শ্বহীদ পৰিয়ালক এক কালীন সাহায্য প্ৰদান আদিৰ দাবীত উত্তাল হৈ পৰে মুছলপুৰৰ বাথৌফুৰি ৷
উল্লেখ্য যে এন ডি এফ বিৰ চাৰিটা গোট আৰু এৱছুৰ সৈতে কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰা বি টি আৰ চুক্তি বিগত আঠ মাহে ৰূপায়ণ নকৰাত শেহতীয়াকৈ ক্ষুব্ধ হৈ পৰিছে এন ডি এফ বিৰ প্ৰাক্তন নেতাসকল ৷ তেওঁলোক বিটিআৰ চুক্তিৰ নামত চৰকাৰে প্ৰতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰে ৷
