Breaking News

বিটিচি নিৰ্বাচন বিজেপিৰ বাবে ট্ৰায়েল, বিপিএফেৰে এতিয়াই মিত্ৰতা ভংগ নকৰিবলৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰামৰ্শ

২৬-২৭ নৱেম্বৰত অসমত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব জে পি নাড্ডা

 

ইস্টার্ন টাইমস , নতুন দিল্লী, ২১ নৱেম্বৰঃ বিপিএফৰ সৈতে তাৎক্ষণিকভাৱে মিত্ৰতা ভংগ নকৰিবলৈ বিজেপিৰ ৰাজ্যিক নেতৃত্বক পৰামৰ্শ প্ৰদান কৰিছে দলৰ হাইকমাণ্ডে। শুকুৰবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ চৰকাৰী বাসভৱনত ৰাজ্যিক নেতৃবৃন্দৰ সৈতে হোৱা এখন মাৰাথন বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নিশাৰ ভাগত সাংবাদিকৰ আগত এনেই ইংগিত প্ৰদান কৰিছে।

বাস্তৱত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিৰ ফলাফল চাইহে বিপিএফৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত লব বিজেপিৰ ৰাষ্ট্ৰীয় নেততৃত্বই। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক ট্ৰায়েল হিচাপে লৈ ৰাজ্যিক বিজেপিক আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা প্ৰায় তিনি ঘন্টাৰ মাৰাথন বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই অংশ গ্ৰহণ কৰে।

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সদ্য নিযুক্ত লাভ কৰা অসমৰ পৰ্যবেক্ষক বৈজয়ন্ত পাণ্ডা আৰু তেওঁৰ সহযোগী পৱন শৰ্মা, উত্তৰপূৰ্বাঞ্চলৰ দায়িত্বত থকা দলৰ পৰ্যবেক্ষক অজয় জামুয়াল অংশ গ্ৰহণ কৰে।

ৰাজ্যৰ জনপ্ৰতিনিধি হিচাপে তথা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা দিলীপ শইকীয়াও বৈঠকত নিজৰ মতামত দাঙি ধৰা বুলি জানিব পৰা গৈছে। বৈঠকৰ অন্তিম মুহূৰ্তত অসমৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।

লক্ষ্যনীয়ভাৱে বিহাৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অতিশয় আত্মবিশ্বাসী হৈ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ২০২১ চনত অসমৰ ৰাজ্যিক নেতৃত্বক সম্পূৰ্ণ নিজস্ব শক্তি সামৰ্থৰে খেলাৰ পৰামৰ্শ প্ৰদান কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে। পিছে বিপিএফৰ নিচিনা বিজেপিয়ে এতিয়াই অগপৰ সৈতে মিত্ৰতা ভংগ কৰিব বিচৰা নাই।

বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰি অগপৰ সৈতে মিত্ৰতা বৰ্তাই ৰাখিলেও সেইক্ষেত্ৰত অগপক পূৰ্বতকৈ যথেষ্ট কম সংখ্যক আসনহে বিজেপিয়ে এৰি দিব বুলি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত শুকুৰবাৰে নিশা স্পষ্ট কৰি দিয়ে।

 

আনহাতে বি পি এফৰ সাংসদ বিশ্বজিত দৈমাৰীৰ বিজেপিত যোগদানৰ বিষয়টোত শুকুৰবাৰৰ বৈঠকত ৰাষ্ট্ৰীয় নেতৃত্বই সন্মিত প্ৰদান কৰে।

মন্ত্ৰী হিমন্ত বিশ্বই সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে বিটিচিৰ নিৰ্বাচন হব ট্ৰায়েল। বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ১২টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্ত্ৰীজনে শুকুৰবাৰে হুংকাৰ দিয়ে।

মন কৰিব লগীয়া যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ২৬, ২৭ নৱেম্বৰত অসম ভ্ৰমণ কৰিব।

অসম ভ্ৰমণৰ কালছোৱাত তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১১খন জনসভা সম্বোধন কৰিব বুলি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকক জানিবলৈ দিয়ে।

দাসে প্ৰকাশ কৰা মতে, শুকুৰবাৰৰ বৈঠকত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আগন্তুক চাৰে চাৰি মাহত কৰিবলগীয়া কাম-কাজ সন্দৰ্ভত ৰূপৰেখা প্ৰস্তুত কৰা হৈছে।

Vinkmag ad

Eastern Times

Read Previous

জীৱনৰ শেষ নিশ্বাস থকালৈকে ছাত্ৰ সন্থাক সেৱা আগবঢ়াই যামঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

Read Next

আছু ৰাজনৈতিক নে অৰাজনৈতিক? উত্তপ্ত দুলীয়াজান

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.