ইষ্টাৰ্ন টাইমছ, ৮ অক্টোবৰ, গুৱাহাটীঃ কৰোনাকালীন পৰিস্থিতত অনিশ্চয়তাৰ মাজত সোমাই পৰা বিটিচি নির্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব৷ ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকাল অন্ত পৰাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে দাবী উত্থাপন কৰি অহাৰ সময়তে এই গুৰুত্বপূর্ণ সিদ্ধন্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্রী পৰিষদৰ বৈঠকে৷
বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত মন্ত্রী পৰিষদে গ্রহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিটিচি নির্বাচন সন্দর্ভত মন্ত্রী পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে বিটিচি নির্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ বুধবাৰে সিদ্ধান্ত লোৱা হৈছে৷ সেইমর্মে ডিচেম্বৰ মাহৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগক আহ্বান জনোৱাৰ বাবে মন্ত্রী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷
উল্লেখ্য যে ৰাজ্যিক নির্বাচন আয়োগে যোৱা ৪ এপ্রিলত বিটিচি নির্বাচনৰ দিন নির্ধাৰণ কৰিছিল৷ কিন্তু মাৰাত্মক কৰোনা ভাইৰাইছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যিক নির্বাচন আয়োগে বিটিচি নির্বাচন সাময়িকভাৱে স্থগিত ৰাখে৷ কিন্তু শেহতীয়াকৈ বি পি এফ, গণ সুৰক্ষা পার্টী আদিয়ে অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকাল অন্ত পৰাৰ পূর্বে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি আহিছিল।
