ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৭ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ব্ৰহ্মপুত্ৰৰে শৰণাপন্ন হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী।
মন কৰিব লগীয়া যে মাজুলীৰ এক ডাঙৰ সমস্যা হৈছে খহনীয়া। দৈনিক শ শ ভুমি জাহ গৈছে লুইতৰ বুকুত। চৰকাৰক কাবৌ-কোকালি কৰিও একো ফল নোপোৱা মাজুলীৰ নৈপৰীয়া ৰাইজে অৱশেষত শৰণাপন্ন হৈছে নেদেখাজনৰ।
সেয়েহে ব্ৰহ্মপুত্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ নদীৰ পাৰত বহি বুঢ়া লুইতৰ বুকুত ভোগ দান কৰিলে সত্ৰাধিকাৰ গৰাকীয়ে। আধ্যাত্মিক নীতি নিয়মেৰে দবা, শংখ, কাঁহ বজাই আশীষ বিচাৰে ৰাইজে।
বিগত সময়ত ভয়াবহভাৱে অঞ্চলটোত গৰাখহনীয়া অব্যাহত আছে যদিও খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টিকে কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে।
