Breaking News

বিটিচি নিৰ্বাচনত বিপিএফে পাব মিনিমাম ২৫: হাগ্ৰামা

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২১ নৱেম্বৰঃ বিটিচি নিৰ্বাচনত বি পি এফে পাব কমেও ২৫ খন আসন। এই দাবী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

শণিবাৰে বাক্সা জিলাৰ মথনগুৰি সমষ্টিৰ গহেখান্দা ৰিজাৰ্ভত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মহিলাৰীৰ বক্তব্য ‘আমি ৩০ খন আসন পাম বুলি আশা কৰি আছো ৷ ৩০ নাপালেও মিনিমাম ২৫ খন আসন পাম ৷’ উল্লেখ্য যে বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে ৭ আৰু ১০ ডিচেম্বৰত দুই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব।

হাগ্ৰামাৰ মতে, পূৰ্বে বিটিচিত বিজেপিয়ে দুখন আসন পাইছিল ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা সোমোৱাৰ পিচত এইবাৰ বিজেপিয়ে এখন আসনো নাপায় ৷

বিপিএফ প্ৰধানৰ কটাক্ষ– বি টি চি ত পদুম ফুল মৰি আছে ৷ ২৭ তাৰিখৰ পিচত এটাও ফুল নুফুটে ৷ বি টি চি ত বিজেপিয়ে ডাবল জিৰ পাব ৷

আনহাতে প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ প্ৰসংগত হাগ্ৰাামাৰ তীৰ্যক মন্তব্য–‘প্ৰমোদ বড়োৰ ট্ৰেক্টৰৰ অকল ইঞ্জিন টোহে আছে ৷ সেই টেক্টৰেৰে হাল বাব নোৱাৰি ৷’

ইপিনে ২০২১ ৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতাৰ প্ৰসংগত হাগ্ৰামাই সুৰ সলনি কৰি কয় যে আগতে বিটিচিৰ নিৰ্বাচন হৈ লওক তাৰ পিচত সেইবোৰ ভাবিম ৷

মন কৰিব লগীয়া যে শুকুৰবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিপিএফৰ সৈতে এতিয়াই মিত্ৰতা ভংগ নকৰাৰ বাবে ৰাজ্যিত নেতৃত্বত পৰামৰ্শ প্ৰদান কৰা হৈছিল।

বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰীৰ বিজেপি গমনে বি পি এফৰ কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে হাগ্ৰামাই ৷

Vinkmag ad

Eastern Times

Read Previous

ষটপূজাৰ পুৱাত ভয়ংকৰ অগ্নিকাণ্ড, যোৰহাটত ৩৫টাকৈ ঘৰ ভস্মীভূত

Read Next

দীপাংক আছুৰ পুনৰ সভাপতি, শংকৰজ্যোতি নবনিৰ্বাচিত সাধাৰণ সম্পাদক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.