Breaking News

বিপিএফ, ইউপিপিএলক একত্ৰিত কৰি বিটিচি দখলৰ নতুন কৌশল হাগ্ৰামাৰ

BPF, UPPL merge to form BTC

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বিটিচি দখল কৰিবলৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এতিয়া ন ন কৌশল অৱলম্বন কৰি থকা পৰিলক্ষিত হৈছে।

বিটিচিক ৰক্ষা কৰিবলৈ তথা বিটিচিৰ স্বাৰ্থত বিপিএফ, ইউপিপিএল, জিএছপিৰ নিছিনা আঞ্চলিক দলসমূহ এতিয়া একত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলি হাগ্ৰামাই সংবাদমাধ্যমৰ আগত মত ব্যক্ত কৰে।

কোকৰাঝাৰত থকা বিপিএফৰ কেন্দ্রীয় কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি হাগ্রামাই কয় যে বিটিচিৰ অস্তিত্ব আমি বর্তাই ৰাখিব লাগিব।

বহুত ত্যাগ আৰু কষ্টৰ বিনিময়ত গঠন হোৱা বিটিচিৰ শাসনভাৰ আঞ্চলিক দলৰ হাতত থাকিব লাগে বুলি বিটিচিবাসী সকলো শ্রেণীৰ ৰাইজে বিচাৰিছে।

‘সেয়ে মই বিটিচিত বিপিএফ, ইউপিপিএল, জিএছপিৰ দৰে আঞ্চলিক দলবোৰৰ চৰকাৰ হোৱাটো বিচাৰোঁ’– অতি স্পষ্ট ভাষাৰে সংবাদমেলত হাগ্ৰামাই এনেদৰে কয়।

আনহাতে ৰাষ্ট্রীয় দলবোৰক সমালোচনা কৰি তেওঁ কয় যে বিটিচিত ৰাষ্ট্রীয় দলসমূহে চৰকাৰ গঠন কৰিলে বিটিচিৰ কোনো অস্তিত্বই নাথাকিব।

ৰাষ্ট্রীয় দলৰ আগ্রাসনে এদিন বিটিচিৰ লগতে আমাক সকলোকে নিঃশেষ কৰিব বুলি প্ৰাক্তন বিটিচি চীফজনে মন্তব্য কৰে।

হাগ্ৰামাৰ হেনো এতিয়া বিটিচিৰ চীফ কিম্বা ডেপুটী চীফ হোৱাৰ কোনো হাবিয়াস নাই। তেওঁৰ মতে, ‘মুঠতে আঞ্চলিক দলসমূহ এই সময়ত একত্রিত হ’ব লাগে। ৰাইজেও সেইটো বিচাৰিছে আৰু ময়ো উপলব্ধি কৰিছোঁ– আঞ্চলিক দলসমূহ ঐক্যবদ্ধ হ’ব লাগে।’

Vinkmag ad

Eastern Times

Read Previous

অসম এতিয়া দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসমুক্ত, প্ৰদুষণমুক্তঃ মুখ্যমন্ত্ৰী সোণোৱাল

Read Next

চৰকাৰৰ নতুন আলোচনা প্রস্তাৱ খাৰিজ কৰিলে কৃষক সংগঠনসমূহে

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.