ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ নৱেম্বৰঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যাক্তিগত স্বাৰ্থৰ বাবে অসম-মিজোৰাম সীমা বিবাদ আৰম্ভ হৈছে।
আনকি এই সীমা বিবাদ হিংসাত্মক ৰূপ লোৱাৰ বাবেও মন্ত্ৰী শৰ্মাৰ ব্যক্তিগত স্বাৰ্থ নিহীত হৈ আছে। অতি চাঞ্চল্যকৰ এই অভিযোগ উত্থাপন কৰিছে বৰাক উপত্যকাৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ।
উল্লেখ্য যে বৰাক উপত্যকাৰ মিজোৰাম সীমান্তত দুয়ো ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ শেহতীয়াকৈ উদ্বেগৰ বিষয় হৈ পৰিছে। মিজো আৰক্ষীৰ ছত্ৰছায়াত সীমান্তবৰ্তী মিজো জনতাই এতিয়ালৈকে কমেও অসমৰ দুই কিলোমিটাৰ ভূমি দখল কৰি আছে।
কমলাক্ষৰ বক্তব্য– মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে উত্তৰপূৰ্বাঞ্চলৰ বিজেপিৰ উমৈহেতীয়া মঞ্চ নেডাৰ অন্যতম মুৰব্বী।
নেডাৰ প্ৰধান নেতা হৈ অসম-মিজোৰামৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ তথা হিংসা ৰুধিবলৈ হিমন্ত বিশ্বই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই কিয়? প্ৰশ্ন কংগ্ৰেছ বিধায়কজনৰ।
বাস্তৱত অসম-মিজোৰাম সীমা বিবাদকলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীৰৱ ভূমিকাকলৈ প্ৰশ্ন উত্থাপন কৰি বিধায়কজনৰ চাঞ্চল্যকৰ অভিযোগ– দৰাচলতে হিমন্ত বিশ্বৰ নীৰব ভূমিকাত কিবা স্বাৰ্থ জড়িত আছে বুলি সন্দেহ হয়।
