Breaking News

অসমত বিজেপিৰ নতুন পৰ্যবেক্ষক বৈজয়ন্ত পাণ্ডা

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ১৪ নবেম্বৰঃ সমাগত অসমৰ বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে ৰাজ্যখনত শাসকীয় বিজেপি দলৰ পৰ্যবেক্ষক আৰু সহ পৰ্যবেক্ষকক নিযুক্তি দিয়া হৈছে।

অসম বিজেপিৰ পৰ্যবেক্ষক হিচাপে উৰিষ্যাৰ বৈজয়ন্ত পাণ্ডা আৰু সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে দিল্লীৰ পৱন শৰ্মাক। দলৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ সিংহ শুকুৰবাৰে নিশা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।

লক্ষ্যনীয়ভাৱে বিজেপিয়ে অসমৰ লগতে দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যতো নতুনকৈ পৰ্যবেক্ষক নিযুক্তি দিছে।

ইপিনে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে সদ্য দায়িত্ব লাভ কৰা অসমৰ সাংসদ দিলীপ শইকীয়াক ঝাৰখণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

Vinkmag ad

Eastern Times

Read Previous

পাক সেনাৰ গুলীত শ্বহীদ অসমৰ হৰধন

Read Next

বাংলাৰ মহাতাৰকা সৌমিত্ৰ চট্টোপাধ্যায় আৰু নাই

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.