Breaking News

কংগ্ৰেছ-ইউডিএফ মিত্ৰতাত ত্ৰস্ত বিজেপি হাইকমাণ্ড! বিশেষ বৈঠকৰ আহ্বান

BJP high command in Congress-UDF alliance Special meeting called

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ১৯ নৱেম্বৰঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই বিজেপিৰ পুনৰ অসম দখলৰ ব্লু-প্ৰিন্টত আউল লগাব পাৰে। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই কথা ভালদৰেই উপলব্ধি কৰিব পাৰিছে। সেয়েহে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাত ত্ৰস্ত বিজেপি হাইকমাণ্ডে শুকুৰবাৰে অসমকলৈ এক বিশেষ বৈঠকৰ আয়োজন কৰিছে।

দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তলব কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক।

জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া বিজেপিৰ মুখ্য কাৰ্যালয়ত অসমৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হব লগীয়া বিশেষ বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ। উপস্থিত থাকিব দলীয় পৰ্যবেক্ষক হিচাপে সদ্য অসমৰ দায়িত্ব লাভ কৰা সাধাৰণ সম্পাদক বৈজয়ন্ত পাণ্ডা আৰু তেওঁৰ সহযোগী পৱন শৰ্মাও।

এই বৈঠক সন্দৰ্ভত দলৰ শীৰ্ষ সূত্ৰ এটাই কোনো লুকঢাক নৰখাকৈ জনাই দিয় যে আগন্তুক অসম বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে মুঠেই মশৃণ নহয়।

বিশেষকৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আমাৰ বাবে এক বৃহত প্ৰত্যাহ্বান হৈ পৰিছে। শুকুৰবাৰৰ বৈঠকত মূলত এই বিষয়টোৰ ওপৰতেই আলোচনা কৰা হব।

তদুপৰি বিধানসভা নিৰ্বাচনৰ লগতে বিটিচি নিৰ্বাচনকলৈও বৈঠকত আলোচনা কৰা হব। বিশেষকৈ ৰাজ্যিক পৰ্যায়ত বিপিএফৰ সৈতে মিত্ৰতা অটুট থাকিব নে নাই সেয়া শুকুৰবাৰে অনুষ্ঠিত হব লগীয়া বৈঠকত চূড়ান্ত ৰূপ লব। বিটিচি নিৰ্বাচনত বিপিএফৰ বিৰুদ্ধে পোনপোটিয়াকৈ নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ পাছত মিত্ৰ দলটোৰ সৈতে যি তিক্ততা সৃষ্টি হৈছে তাৰ পাছত বিপিএফৰ পৰিবৰ্তে নৱগঠিত ইউপিপিএলৰ সৈতে বিজেপিয়ে পৰবৰ্তী সময়ত মিত্ৰতা স্থাপন কৰে নে নাই সেয়াও বৈঠকত বিশেষ চৰ্চা লাভ কৰিব বুলি সূত্ৰটোয়ে জানিবলৈ দিয়ে।

আনহাতে অগপৰ সৈতে মিত্ৰতা অটুট থাকিলেও এইবেলি অগপক পূৰ্বতকৈ কম আসন দিয়াটো নিশ্চিত হৈ পৰিছে। অগপৰ সৈতে মিত্ৰতাৰ বিষয়টোও আলোচনাত গুৰুত্ব লাভ কৰিব যদিও ৰাজ্যৰ আঞ্চলিক দলটোক বিজেপিয়ে বিশেষ গুৰুত্ব দিব বিচৰা নাই। আঞ্চলিক দল হিচাপে অগপৰ শক্তি সীমিত হৈ পৰাৰ পাছত অগপৰ তৃণমূল কৰ্মীসকলক কেনেকৈ বিজেপিয়ে আকৰ্ষিত কৰিব পাৰে সেই বিষয়তো দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা পৰামৰ্শ বিচৰা হব।

মুঠৰ ওপৰত আগন্তুক বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনৰ পাছত বিপিএফক ত্যাগ কৰি ইউপিপিএলৰ সৈতে মিত্ৰতা স্থাপন কৰিব পাৰি নে নাই সেই বিষয়তো ৰাষ্ট্ৰীয় নেতৃত্বৰ মতামত বিচাৰিব সোণোৱাল, হিমন্তসকলে।

ইপিনে শুকুৰবাৰে অনুষ্ঠিত হব লগীয়া এই বিশেষ বৈঠকৰ পূৰ্বে সদ্য নিযুক্তি দিয়া ৰাজ্যৰ পৰ্যবেক্ষকসকলৰ সৈতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বৃহস্পতিবাৰে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে।

জানিব পৰা মতে, এই বৈঠকৰ কালছোৱাত নাড্ডাই অসমৰ দায়িত্বত থকা বৈজয়ন্ত পাণ্ডা (প্ৰভাৰী) আৰু তেওঁৰ সহযোগী পৱন শৰ্মাৰ (সহ-প্ৰভাৰী) সৈতে অসমৰ বিষয়ত সুকীয়াকৈ এক চমু আলোচনাত মিলিত হয়।

লক্ষ্যনীয়ভাৱে ঝাৰখণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰ্যবেক্ষক হিচাপে বৈঠকত উপস্থিত থকা অসমৰ সাংসদ দীলিপ শইকীয়াৰ পৰাও অসমৰ নিৰ্বাচন সন্দৰ্ভত নাড্ডাই মতামত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে অহা বছৰৰ আৰম্ভণিতেই অসমৰ উপৰি পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পডুচেৰীত একযোগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। এই ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে একমাত্ৰ ৰাজ্য যত বিজেপি ক্ষমতাধীন হৈ আছে।

আনহাতে পশ্চিমবংগক বাদ দিলে আন কোনো এখন ৰাজ্যতেই বিজেপিৰ অৱস্থা মুঠেই ভাল নহয়। স্বভাবতই অসমত পুনৰ ক্ষমতা দখল কৰাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই আগতীয়াকৈ ৰণনীতি প্ৰস্তুত কৰিব বিচাৰিছে।

বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ মিত্ৰতাই বিজেপিৰ হিচাপ-নিকাচত আউল লগাব পাৰে। সেয়েহে কোনো সময় ব্যয় নকৰাকৈ দলৰ হাইকমাণ্ডে এতিয়াৰে পৰা অসমৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব বিচাৰিছে। সেই মৰ্মে শুকুৰবাৰে অনুষ্ঠিত হব লগীয়া বিশেষ বৈঠকখন যথেষ্ট গুৰুত্ব লাভ কৰিছে।

Vinkmag ad

Eastern Times

Read Previous

বিপিএফ ৰ পিছত অগপক একাষৰীয়া কৰাৰ ইংগিত গেৰুৱা বাহিনীৰঃ অস্তিত্বৰ সংকটত আঞ্চলিক দল

Read Next

জীৱনৰ শেষ নিশ্বাস থকালৈকে ছাত্ৰ সন্থাক সেৱা আগবঢ়াই যামঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.