Breaking News

আগন্তুক বিধান সভা নিৰ্বাচনলৈ বিজেপি-অগপৰ মিত্ৰতাঃ উভয়ে উভয়ক চাপ বৃদ্ধিৰ প্ৰচেষ্টা

জগদীশ হাজৰিকা, গুৱাহাটী, ২২ নৱেম্বৰঃ আগন্তুক ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ বিজেপি-অগপৰ মিত্ৰতা বাহাল থাকিব৷

এই বিষয়ে ইতিমধ্যে গেৰুৱা দল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰই নিশ্চিত কৰাৰ পিছত ৰাজ্যিক নেতৃত্বই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে৷ অৱশ্যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে দুয়ো দলে দুয়ো দলৰ ওপৰত ধাৰাবাহিক চাপ সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ৰিছে ৷

 নিজৰ দখলত থকা ১৪ খন আসনৰ লগতে সংখ্যা বঢ়াই ৫০ খন আসনলৈ বৃদ্ধি কৰাৰ বাবে বিজেপি নেতৃত্বৰ ওচৰত দাবী উত্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

সেই উদ্দেশ্য আঞ্চলিক দলটোৱে ঠায়ে ঠায়ে সভা-সমিতি আয়োজন কৰি দলটোৰ সপক্ষে ৰাইজৰ আস্থা পুনৰ বাঢ়িবলৈ ধৰিছে বুলি বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰিছে৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত দলটোৱে সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱাটোও দৃষ্টিগোচৰ হৈছে৷ আনকি মিত্ৰ দল বিজেপিৰ দখলত থকা চাবুৱা

আৰু শদিয়া ইত্যাদি সমষ্টিটো গণসমাবেশৰ আয়োজন কৰি হাজাৰ হাজাৰ দলীয় সমৰ্থকসহ স্ব-অস্তিত্ব প্ৰকাশ কৰি দেখুৱাবলৈ সক্ষম হৈছে৷

ইয়াৰ উপৰিও পূৰ্বতে দলটোৰ হাতত থকা বহু সমষ্টিৰ ৰাইজৰ মাজলৈ গৈ দলীয় কাম-কাজ তীব্ৰতৰ কৰি তুলিছে৷

দলৰটোৰ কেন্দ্ৰীয় সমিতিয়েও যিকোনো মূল্যৰ বিনিময়ত আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিৰ স’তে কোনোধৰণৰ আপোচ কৰা নহয় আৰু নিজৰ দখলত থকা এটা সমষ্টিও এৰি দিয়া নহয় বুলি মুকলিভাৱে হুংকাৰ দিছে৷

আনহাতে অগপৰ এনে তৎপৰতাক আওকাণ কৰি বিজেপিয়ে সাম্ভাৱ্য প্ৰাৰ্থীৰ হতুৱাই সমষ্টি সমূহত জোৰদাৰ দলীয় কাৰ্যসূচী ৰূপায়ণ কৰি গৈছে৷

বিগত পঞ্চায়ত নিৰ্বাচনত অগপৰ দখলত থকা সমষ্টিত তুলনামূলকভাৱে অগপতকৈ ভাল ফল দেখুৱাবলৈ সমৰ্থ হোৱা ভালেকেইটা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ বিজেপিয়ে চেষ্টাৰ ক্ৰুটি এৰা নাই৷

পঞ্চায়ত নিৰ্বাচনৰ উল্লেখনীয় ফলাফলৰ অজুহাততে বিজেপিয়ে অগপৰ দখলত থকা পাটাছাৰকুঁছি, কমলপুৰ, পশ্চিম গুৱাহাটী, বোকাখাট, তেজপুৰ, বহমপুৰ আৰু টিয়ক আদি সমষ্টি অগপৰ বিপৰীতে নিজৰ জিম্মাত ৰখাৰ বাবে কূটকৌশল আৰম্ভ কৰি ৰাজহুৱাভাৱে মন্তব্যও প্ৰদান কৰি আহিছে৷

ফলশ্ৰুতিত মিত্ৰ দল অগপৰ ভিতৰ চ’ৰাত বিষয়টোক লৈ সাংঘাতিকভাৱে চৰ্চা চলি আছে৷

আনকি বিষয়টোৰ ওপৰত অগপৰ তৃণমূল কৰ্মীসকলৰ মাজত প্ৰচণ্ড ক্ষোভ আৰম্ভ হৈছে৷ বহুতো নেতাই এখোপ আগুৱাই গৈ প্ৰয়োজন হ’লে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰাৰ বাবেই মতামত ব্যক্ত কৰিছে৷ ইপিনে বহু সমষ্টিত নিজা নিজা দলীয় প্ৰাৰ্থীত্বৰ দাবীদাৰ আৰু সমৰ্থক সকল সমুখ সমৰত লিপ্ত হোৱাৰ অভিযোগো প্ৰকাশ পাবলৈ ধৰিছে৷

শেহতীয়াভাৱে দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ স’তে অসমৰ নিৰ্বাচন কেন্দ্ৰীক সভাৰ পৰা ঘুৰি আহি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অগপৰ দখলত থকা ছয় সমষ্টিত দলীয় প্ৰাৰ্থীত্বৰ বাবে দাবী উত্থাপন কৰিছে আৰু এই বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ কৰি অগপৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷

এনেকৈয়ে মিত্ৰ দল দুটাৰ মাজত নিৰ্বাচনলৈ কেইবা মাহ বাকী থকা অৱস্থাত আসন কেন্দ্ৰীক এক শীতল যুদ্ধ গাঢ় হৈ উঠিছে৷ অৱশ্যে অনাগত দিনত এই ঘটনাই কি পৰ্যায় পায়, সেই বিষয়ে সময়তহে বুজিব পৰা যাব৷

 

Vinkmag ad

Eastern Times

Read Previous

আই এছ এলত নর্থ ইষ্ট ইউনাইটেডৰ দুৰন্ত জয়

Read Next

তৰুণ গগৈ প্ৰয়াত

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.