
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ ৰাজ্যসভালৈ অহাৰ পুনৰ মন মেলিছে প্ৰাক্তন বিপিএফ সাংসদ বিশ্বজিত দৈমাৰী। পিছে এইবাৰ বিপিএফৰ হৈ নহয় গেৰুৱা বসন পিন্ধা দৈমাৰীয়ে বিজেপিৰ সাংসদ হৈহে ৰাজ্যসভালৈ আহিব।
উল্লেখ্য যে বিপিএফৰ সাংসদ হিচাপে দৈমাৰীয়ে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁৰ আসনখন খালী হৈ আছিল। এতিয়া খালী হৈ থকা উক্ত আসনৰ বাবেই সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ন-বিজেপি নেতাজনে।
মনোনয়ন পত্ৰ দাখিলৰ সময়ত দৈমাৰীক সংগদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদ ভুবনেশ্বৰ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু সাংসদ পল্লৱলোচন দাস, প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী আদিয়ে।
ইপিনে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা দৈমাৰীয়ে পুনৰ ৰাজ্যসভাৰ মজিয়াত ৰাইজৰ হৈ মাত মাতিব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে।
উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৮ ফেব্ৰুৱাৰী। মনোনয়ন পত্ৰ পৰীক্ষা-নীৰিক্ষাৰ দিন ধাৰ্য কৰা হৈছে ১৯ ফেব্ৰুৱাৰী আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটো হৈছে ২২ ফেব্ৰুৱাৰী।
ৰাজ্যসভাৰ এই আসনখনৰ বাবে ১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত কৰা হব। আসনখনত জয়ী হ’বলৈ ভোটৰ প্ৰয়োজন ৬০টা আৰু এই মুহূৰ্তত বিজেপি মিত্ৰজোঁটৰ সন্মিলিত ভোটৰ সংখ্যা হৈছে ৭৮টা।
সেই নিৰিখত উক্ত আসনত নিৰ্বিঘ্নে জয়ী হ’ব বিশ্বজিত দৈমাৰী।
লক্ষ্যনীয় ভাৱে বিপিএফৰ হৈ ইতিমধ্যে চণ্ডী বসুমতীয়ে মনোনয়নপত্ৰ সংগ্ৰহ কৰিছে যদিও এই পৰ্যান্ত দাখিল কৰা নাই।
