ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী: ১ অক্টোবৰঃ ঐতিহাসিক বাবৰি মছজিদ ধ্বংসৰ ঘটনা মুঠেই পূৰ্ব পৰিকল্পিত নাছিল। উন্মত্ত জনতাই হেনো ধ্বংস কৰিছিল বিতৰ্কিত মছজিদটো। সুদীৰ্ঘ প্ৰায় তিনি দশক পিছত লক্ষ্ণৌস্থিত চি বি আয়ৰ এক বিশেষ আদালতে এই ৰায়দান কৰে। ইয়াৰ লগতেই বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আডবানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি বাবৰি মছজিদ ধ্বংস কৰা গোচৰত অভিযুক্ত মুঠ ৩২ জনক আদালতে বুধবাৰে দোষমুক্ত কৰে। উল্লেখ্য যে ৪৯ জন অভিযুক্তৰ ১৭ জনৰে ইতিমধ্যে মৃত্যু ঘটিছে। চি বি আই বিশেষ আদালতৰ যুক্তি– বাবৰি মছজিদ ধ্বংসলীলা পুৰ্বপৰিকল্পিত নাছিল। অভিষুক্তসকলৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণাদিও যথেষ্ট নাছিল। সেয়েহে দোষমুক্ত বুলি ঘোষণা কৰা হয় আটাইকেইজন অভিযুক্তক। লক্ষ্যনীয়ভাৱে ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ দিনা বিজেপি নেতা আদৱানী, যোশী আৰু ভাৰতীয়ে উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈহে চেষ্টা কৰিছিল বুলি আদালতৰ ৰায়দানত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে বাবৰি মছজিদ গোচৰৰ প্ৰায় ২০০০ পৃষ্ঠাৰ ৰায়ৰ লিখাৰ কাম আৰম্ভ হৈছিল যোৱা ২ ছেপ্টেম্বৰত। বুধবাৰে পুৱা ১১.৫০ বজাত বিচাৰপতি সুৰেন্দ্ৰ কুমাৰ যাদৱে ৰায় পাঠ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত আদালতত উপস্থিত আছিল মুঠ ২৬জন অভিযুক্ত। বয়সজনিত কাৰণত আহিব পৰা নাছিল লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী। ভিডিঅ’ কনফাৰেন্সত উপস্থিত থাকে তেওঁলোক। কোৰোণাত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত থাকিব পৰা নাছিল উমা ভাৰতীও।
উল্লেখ্য যে ১৯৯২চনৰ ৬ ডিচেম্বৰত ধ্বংস কৰা হৈছিল উত্তৰপ্ৰদেশৰ অযোধ্যাত ষষ্ঠদশ শতিকাতে নিৰ্মিত বাবৰি মছজিদ। একাংশ হিন্দুত্ববাদী সংগঠনৰ ছত্ৰছায়াত কৰ সেৱকসকলেই মছজিদটো ধ্বংস কৰা বুলি এতিয়া সৰ্বজন বিদিত হৈ আছে। সুদীৰ্ঘ ২৮ বছৰ পিছত চি বি আই বিশেষ আদালতে বুধবাৰে প্ৰদান কৰা এই ৰায়দান বিশেষ তাতপৰ্যপূৰ্ণ। বিশেষকৈ এই ৰায়দানৰ ঠিক এবছৰ মান আগতেই ধ্বংস কৰা ঐতিহাসিক বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণৰ হকে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে।
