• জানুৱাৰী 20, 2022
Breaking News

বহিৰ্বিশ্বৰ চিত্ৰ প্ৰদৰ্শনীত উজলিব অসমীয়া জীয়ৰীৰ চিত্ৰকলা

Priyanka Das Rajkakti Vedic painting on the lunar surface selected by the European Space Agency Moon Gallery Projecat

চন্দ্ৰপৃষ্ঠত ইউৰোপীয়ান স্পেছ এজেন্সিৰ ‘মুন গেলাৰী প্ৰজেক্ট’ত নিৰ্বাচিত প্ৰিয়ংকা দাস ৰাজকাকতিৰ বৈদিক চিত্ৰকলা

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বহিৰ্বিশ্বত চিত্ৰ প্ৰদৰ্শনী! শুনিলে অবিশ্বাস্য যেন লাগিলেও বহিৰ্বিশ্বৰ এই চিত্ৰ প্ৰদৰ্শনীত স্থান লাভ কৰিব অসমৰ অত্যন্ত প্ৰতিভাশালী যুৱতী এগৰাকীৰ।

যুৱতী গৰাকীৰ নাম প্ৰিয়ংকা দাস ৰাজকাকতি। প্ৰিয়ংকাই অংকন কৰা চিত্ৰই স্থান লাভ কৰিব চন্দ্ৰপৃষ্ঠত।

উল্লেখ্য যে ইউৰোপীয়ান স্পেছ এজেন্সিয়ে চন্দ্ৰপৃষ্ঠত হাতত লৈছে ‘মুন গেলাৰী প্ৰজেক্ট’ নামৰ এখন প্ৰকল্প। যত চিত্ৰশিল্পী মহাকাশ বিজ্ঞানীসকলৰ চিত্ৰ প্ৰদৰ্শন কৰা হব।

আৰু এই প্ৰকল্পত স্থান লাভ কৰিব ২৯ বছৰীয়া অসমৰ জীয়ৰী প্ৰিয়ংকা দাস ৰাজকাকতিৰ এখন চিত্ৰ।

Priyanka Das Rajkakti Vedic painting on the lunar surface selected by the European Space Agency Moon Gallery Projecat

মন কৰিব লগীয়া যে প্ৰিয়ংকা বৰ্তমান ফ্ৰান্সৰ বিশ্বখ্যাত চুপেৰো বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞানৰ গৱেষিকা ছাত্ৰী।

উল্লেখ্য যে প্ৰিয়ংকাই সদ্যহতে আন এখন কৃতিত্বও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফৰ্বছ ইণ্ডিয়াৰ ২০২১ চনৰ অনুৰ্দ্ধ ৩০ বছৰীয়া প্ৰতিভাশালী ৩০ গৰাকী যুৱক-যুৱতীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে প্ৰিয়ংকাৰ নাম।

ইপিনে ইউৰোপীয়ান স্পেছ এজেন্সিয়ে নিজৰ চন্দ্ৰ অভিযানৰ লগত সংগতি ৰাখি ‘মুন গেলাৰী প্ৰজেক্ট’ শীৰ্ষক এই অভিলাষী প্ৰকল্প হাতত লৈছে ৷

‘মুন গেলাৰী প্ৰজেক্ট’ত প্ৰিয়ংকাৰ বৈদিক দৈত্ববাদৰ ওপৰত আধাৰিত “বেদদিপীকা– এন ইলাষ্ট্ৰেচন অফ ডুয়েলিটি” শীৰ্ষক ডিজিটেল চিত্ৰখন নিৰ্বাচিত হৈছে।

অধ্যয়নসূত্ৰে ফ্ৰান্সৰ নাগৰিকত্ব লাভ কৰা প্ৰিয়ংকাৰ এই যাত্ৰাত সহায় আগবঢ়াইছে চুপেৰো বিশ্ববিদ্যালয়ৰ লগতে ফ্ৰান্স চৰকাৰেও ৷

অসমৰ ধেমাজী জিলাৰ মূল বাসিন্দা মনোজ দাস আৰু অজন্তা বৰুৱা দাসৰ কন্যা প্ৰিয়ংকাই মাক দেউতাকৰ কৰ্মসূত্ৰে সৰুৰে পৰাই দিল্লীত অধ্যয়ন কৰিছিল।

প্ৰিয়ংকাৰ এই অনন্য় সফলতা কেৱল অসমৰ বাবেই নহয় সমগ্ৰ ভাৰতৰৰ বাবেই এক গৌৰৱৰ।

Vinkmag ad

Eastern Times

Read Previous

গালোৱান উপত্যকাত সংঘর্ষত চীনৰ পাঁচজন সেনা নিহত হৈছিল, স্বীকাৰোক্তি বেইজিঙৰ

Read Next

কেৱল সংখ্যালঘুৰ ভোটত চৰকাৰ নহয়! ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নকৰিবলৈ আজমলক পৰামৰ্শ ৰাহুলৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.