
লংগিচিউডিনেল এজেয়িং ষ্টাডি ইন ইণ্ডিয়াঃ ৪৫ ঊৰ্ধ্ব অসমবাসীৰ ৫৬ শতাংশই অনাঅসমীয়া
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমত অসমীয়াই এদিন সংখ্যালঘুত পৰিণত হব এই আশংকা সম্ভৱত এতিয়া মুঠেই অমূলক নহয়। সদ্যহতে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এখন প্ৰতিবেদনত অসমত অসমীয়াৰ ‘অস্তিত্বহীনতা’ৰ এক ভয়ংকৰ দিশ উন্মোচিত হৈছে।
২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য বিশ্লেষণ কৰিলে ইয়াৰ উমান আমি আগতেই পাইছো। ইয়াৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে ইন্টাৰনেচল ইনষ্টিটিউট ফৰ পপুলেচন ছায়েন্সেছৰ ‘লংগিচিউডিনেল এজেয়িং ষ্টাডি ইন ইণ্ডিয়া’ (লাছি) শীৰ্ষক এখন প্ৰতিবেদন।
দেশজুড়ি চলোৱা সমীক্ষাৰ ভিত্তিত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা এই প্ৰতিবেদনত মূলত ৪৫ বছৰৰ ঊৰ্ধ্বত থকা দেশবাসীৰ আৰ্থ-সামাজিক, স্বাস্থ্য, পৰিয়ালকেন্দ্ৰীক আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে।
২০২০ চনৰ লাছি প্ৰতিবেদনত দেখা গৈছে ৪৫ ঊৰ্ধ্ব অসমবাসীৰ মাত্ৰ ৪৪ শতাংশই নিজকে অসমীয়া বুলি পৰিচয় দাঙি ধৰিছে।
ইয়াৰ বিপৰীতে ৩৩ শতাংশ ৪৫ ঊৰ্ধ্ব অসমবাসীয়ে নিজৰ পৰিচয় দিছে বাঙালী বুলি। বাকী ২৩ শতাংশ অন্যান্য ভাষাভাষীৰ বুলি পৰিচয় দাঙি ধৰিছে।
স্বভাবতই প্ৰশ্ন উত্থাপিত হৈছে অসমত অসমীয়া অভিভাৱকৰ সংখ্যা দ্ৰুত হ্ৰাস পাইছে নেকি? অভিভাৱকহীনতাত ভুগিবলৈ গৈ আছে নেকি অসমীয়া সমাজ? কাৰণ সমাজবিজ্ঞানী সকলৰ মতে এখন সমাজ ৪৫ ঊৰ্ধ্ব লোকৰ দ্বাৰাই মূলত পৰিচালিত হয়।
মাত্ৰ ৪৪ শতাংশ অভিভাৱকৰ দ্বাৰা অসমত অসমীয়াই কেনেদৰে পৰিচালিত হব? ইয়াৰ সমান্তৰালকৈ এই প্ৰশ্নও উত্থাপিত হৈছে যে অসমত ৪৫ ঊৰ্ধ্ব অনাঅসমীয়াৰ সংখ্যা ইমান কেনেকৈ বৃদ্ধি পাব পাৰে?
কাৰণ ৪৪ শতাংশ অসমীয়াৰ বিপৰীতে অসমত এই মুহূৰ্তত আছে ৫৬ শতাংশ অনাঅসমীয়া লোক।
মন কৰিব লগীয়া যে ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য বিশ্লেষণ কৰিলে দেখা যাব সামগ্ৰিক ভাৱে এনেই অসমত অসমীয়া লোকৰ সংখ্যা হ্ৰাস পাই আছে। ইয়াৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে।
২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৪৮.৮০ শতাংশ। ২০১১ চনৰ লোকপিয়লত দেখা গল এই সংখ্যা হ্ৰাস পালে ৪৮.৩৮ শতাংশলৈ।
আনহাতে ২০০১ চনত বাংলাভাষী লোকৰ সংখ্যা আছিল ২৭.৫৪। ২০১১ চনৰ লোকপিয়লত দেখা গল অসমত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পালে ২৮.৯১ শতাংশলৈ।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা লাছা প্ৰতিবেদনত জনগণ তথা জনসংখ্যা সম্পৰ্কীয় আন কেবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। কোৱা হৈছে এই মুহূৰ্তত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১.৭।
জনসংখ্যা বৃদ্ধিৰ সৰ্বভাৰতীয় হাৰটো হৈছে ১.৮। অৰ্থাত অসমত জনসংখ্যা বৃদ্ধি হাৰ নিয়ন্ত্ৰণাধীন হৈ আছে।
২০১৭ৰ সৰ্বশেষ তথ্য অনুসৰি অসমত জন্মৰ হাৰ হৈছে ২১.২ শতাংশ। সৰ্বভাৰতীয় হাৰটো হৈছে ২০.২ শতাংশ। একেদৰে অসমত প্ৰজনন ক্ষমতাৰ হাৰ হৈছে ২.২ শতাংশ। সামগ্ৰিকভাৱে ভাৰতৰ হৈছে ২.৩ শতাংশ।
লক্ষ্যনীয়ভাৱে অসমত ৬০ ঊৰ্ধ্ব লোকৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তকৈ যথেষ্ট কম। ভাৰতৰ ৬০ ঊৰ্ধ্ব লোকাৰ সংখ্যা যেতিয়া ৮.৬ শতাংশ, তেতিয়া অসমত ৬০ ঊৰ্ধ্ব লোক আছে মাত্ৰ ৬.৭ শতাংশ।
আনহাতে অসমত গঢ় আয়ুস শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১৪ চনলৈকে নিটি আয়োগে প্ৰদান কৰা অসমত গঢ় আয়ুস আছিল ৬৩.৯। ২০১৬ চনৰ পৰিসংখ্যানেৰে লাছা প্ৰতিবেদনত দেখা গল অসমত গঢ় আয়ুস বৃদ্ধি পালে ৬৫.৫লৈ। সামগ্ৰিকভাৱে ভাৰতত গঢ় আয়ুস হৈছে ৬৮.৭।
