
অসমৰ চাহেৰে আপ্যায়িত কৰা হ’ব দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডৰ অতিথি। অৱশ্যে জুতি ল’ব পৰাকৈ নহয় কেৱল চাক্ষুষ অভিজ্ঞতাৰেহে অতিথিসকলে চাহৰ এই আপ্যায়ণ লাভ কৰিব পাৰিব।
আচলতে দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ’ব লগা অসমৰ প্ৰতীকপটৰ বিষয়বস্তু হৈছে অসমৰ চাহ।
সেয়েহে এই পেৰেডৰ অতিথিয়ে লাভ কৰিব অসমৰ চাহৰ আপ্যায়ণ।
