Breaking News

লিংগ বৈষম্যক আতৰাই অসমৰ অভিলেখঃ পুৰুষক চেৰ পেলালে মহিলাই

Assam record on eliminating gender inequality: Men and women alike

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমত পুৰুষক চেৰ পেলালে মহিলাই। বাস্তৱত লিংগ বৈষম্যক আতৰাই দেশত অভিলেখ সৃষ্টি কৰিলে অসমে। আনুপাতিক হাৰত অসমত এই মুহূৰ্তত পুৰুষৰ তুলনাত স্ত্ৰীৰ সংখ্যা অধিক।

সদ্য প্ৰকাশিত ২০১৯-২০ চনৰ ‘ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ শীৰ্ষক প্ৰতিবেদনত অসমৰ স্বাস্থ্য-সামাজিক খণ্ডৰ অতি উৎসাহজনক চিত্ৰৰ বহিঃপ্ৰকাশ ঘটিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা এই প্ৰতিবেদন অনুসৰি, ২০১৯-২০ চনত ৰাজ্যখনত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে আছে ১,০১২ জন স্ত্ৰী। দেশৰ ইতিহাসত যি এক বিৰল দৃষ্টান্ত।

উল্লেখ্য যে ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অসমৰ লিংগ অনুপাত আছিল প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৯৩ স্ত্ৰী। মাত্ৰ চাৰি বছৰৰ ব্যবধানত অসমে সৃষ্টি কৰা এই অভিলেখৰ শলাগ লৈছে খোদ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা বিস্তাৰিত তথ্য অনুসৰি অসমৰ চহৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত পুৰুষতকৈ স্ত্ৰীৰ হাৰ বেছি। প্ৰতিবেদন মতে, ২০১৯-২০ চনত অসমৰ গ্ৰামাঞ্চলত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে স্ত্ৰীৰ সংখ্যা হৈছে ১,০১৭। পিছে চহৰাঞ্চলত এতিয়াও স্ত্ৰীতকৈ পুৰুষৰ অনুপাত অধিক– প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে স্ত্ৰীৰ সংখ্যা হৈছে ৯৮২।

আনহাতে বিগত পাঁচ বছৰত জন্ম গ্ৰহণ কৰা কন্যা সন্তানৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১৯-২০ৰ সমীক্ষা অনুসৰি বিগত পাঁচ বছৰত জন্ম গ্ৰহণ কৰা প্ৰতি ১,০০০ পুত্ৰ সন্তানৰ বিপৰীতে ৯৬৪ গৰাকী কন্যা সন্তান জন্ম লৈছে। ২০১৫-১৬ৰ সমীক্ষাত পাঁচ বছৰত জন্ম গ্ৰহণ কৰা ১,০০০ পুত্ৰ সন্তানৰ বিপৰীতে কন্য়া সন্তান জন্ম লৈছিল ৯২৯।

লিংগ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত অসমে সমগ্ৰ দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

বাস্তৱত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০১৯-২০ চনৰ ‘ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ শীৰ্ষক প্ৰতিবেদনখনত স্বাস্থ্য-সামাজিক খণ্ডৰ অধিকাংশ দিশতেই যোৱা চাৰি বছৰত অসমে প্ৰভূত উন্নতি সাধন কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়লৈ যোৱা কন্যা সন্তানৰ হাৰ যেনেদৰে বৃদ্ধি পাইছে, ঠিক তনেদৰে শিশু আৰু নৱজাতকৰ মৃত্য়ুৰ হাৰো ব্যাপক হ্ৰাস পাইছে।

২০১৫-১৬ চনত বিদ্যালয়লৈ যোৱা ৬ বছৰৰ তলত কন্যা শিশুৰ হাৰ যত ৭৫ শতাংশ আছিল, ২০১৯-২০ চনত এই হাৰ বৃদ্ধি পালে ৭৮.২ শতাংশলৈ। আনহাতে ২০১৫-১৬ চনত অসমত শিশু মৃত্যুৰ হাৰ আছিল ৪৭.৬ শতাংশ। ২০১৯-২০ চনত শিশু মৃত্যুৰ হাৰ হ্ৰাস পালে ২২.৫ শতাংশলৈ।

একেদৰে ২০১৫-১৬ চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত নৱজাতক মৃত্যুৰ হাৰ আছিল ৩২.৮ শতাংশ।

আৰু সদ্য প্ৰকাশিত ২০১৯-২০ চনৰ প্ৰতিবেদনত দেখা গল অসমত নৱজাতক মৃত্যুৰ হাৰ হ্ৰাস পালে ২২.৫ শতাংশলৈ।

কেৱল এয়াই নহয়, বিশুদ্ধ খোৱা-পানী, বিদ্যুতৰ যোগান লাভ কৰা লোকৰ সংখ্যাও বিগত পাঁচ বছৰত ব্যাপক হাৰত বৃদ্ধি পাইছে। ২০১৫-১৬ চনত ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৭৮.৩ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ যোগান আছিল। ২০১৯-২০ চনত মুঠ জনসংখ্যাৰ ৯২.৬ শতাংশ লোকৰ ঘৰত বিদ্যুত যোগান ব্যৱস্থা আছে।

একেদৰে অপেক্ষাকৃত শুদ্ধ পানীয়জল যোগানৰ ক্ষেত্ৰত দেখা গৈছে ২০১৫-১৬ চনত ৰাজ্যৰ ৮৪.২ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিছিল যদিও ২০১৯-২০ চনত ৮৬ শতাংশ লোকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ইন্টাৰনেচনেল ইনষ্টিটিউট ফৰ পপুলেচন ছায়েন্সেচ নামৰ এক বহুজাতিক সংস্থাক ২০১৯-২০ চনৰ ‘ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ৰ দায়িত্ব প্ৰদান কৰিছিল। ২০১৯ চনৰ ১৭ জুনৰ পৰা ২১ ডিচেম্বৰত দেশজুড়ি এই সমীক্ষা চলোৱা হৈছিল।

Vinkmag ad

Eastern Times

Read Previous

ক্ৰিকেটপ্ৰেমী সকলৰ বাবে সুখবৰঃ আইপিএলত টীম গুৱাহাটী!

Read Next

শপত গ্ৰহণত হিমন্তবিশ্বক অসমৰ মুখ্যমন্ত্ৰী বনালে প্ৰমোদ বড়োই

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.