Breaking News

ইডিৰ চকুত এছ আই কেলেংকাৰিৰ খলনায়ক পি কে দত্ত, বিজেপি নেতা দিবন পি কেৰ সন্ধানত নেপাললৈ অসম আৰক্ষীৰ দল

PK Dutta, BJP leader Dibanpi Ker

PK Dutta, BJP leader Dibanpi Ker

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ অক্টোবৰঃ নেপাললৈ পলায়ন কৰিছে এছ আই কেলেংকাৰিৰ মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী মহা পৰিদৰ্শক পি কে দত্তই। ইপিনে প্ৰবৰ্তন সঞ্চালকালয়ে (ই ডি) দত্ত আৰু কেলেংকাৰিৰ আন এক খলনায়ক তথা বিজেপি নেতা দিবন ডেকাৰ সম্পত্তিৰ বিতং তালিকা বিচাৰিছে।

মন কৰিব লগীয়া যে বুধবাৰে নিশা আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা বিজেপি নেতা দিবন ডেকা ক গ্ৰেপ্তাৰ কৰিছে যদিও প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াগৰাকী বৰ্তমানো পলাতক। জানিব পৰা মতে, প্ৰবৰ্তন সঞ্চালকালয়ৰ পত্ৰৰ পাছতে নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰি থকা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ইতিমধ্যে দত্ত আৰু ডেকা দুয়োজনৰে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ এখন তালিকা হস্তান্তৰ কৰিছে।

ৰাজ্যৰ গৃহ বিভাগৰ এক শীৰ্ষ সূত্ৰত প্ৰকাশ পোৱা মতে, ই ডিৰ পৰা পত্ৰ পোৱাৰ পাছতে অপৰাধ অনুসন্ধান শাখাই দত্ত আৰু ডেকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা হস্তান্তৰ কৰে। ই ডিৰ সূত্ৰসমূহে লগতে সম্পত্তিসমূহৰ পৰীক্ষাৰ পাছতহে ইয়াৰ সঠিক হিচাপ নিৰ্দ্ধাৰণ কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা ডেকাক বিশেষ শাখাৰ মূখ্য কাৰ্যালয়ত আৰক্ষীয়ে জেৰা কৰি আছে। মন কৰিব লগীয়া যে আৰক্ষীয়ে ডেকা আৰু দত্তক গ্ৰেপ্তাৰ ক্ষেত্ৰত অনুসন্ধান দিয়া ব্যক্তিলৈ ১লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি জাননীও জাৰি কৰিছিল।

প্ৰাক্তন ডিআইজি দত্ত ভাৰত-নেপাল সীমান্তৰ ওচৰৰ কোনো স্থানত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে। তথা অসম আৰক্ষীৰ বিশেষ শাখাই ইতিমধ্যে দত্তৰ সন্ধানত কাঠমণ্ডুলৈ ৰওনা হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰা হৈছিল। এতিয়ালৈকে কেলেংকাৰিটোৰ সৈতে জড়িত ২০ জনত কৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Vinkmag ad

Eastern Times

Read Previous

ম্যানমাৰৰ পৰা অসম হৈ ৰাজস্থানলৈ বিয়পিছে আন্তৰাষ্ট্ৰীয় চোৰাং নেটৱাৰ্ক

Read Next

সোমবাৰৰ পৰা নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.