Breaking News

অসম এতিয়া দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসমুক্ত, প্ৰদুষণমুক্তঃ মুখ্যমন্ত্ৰী সোণোৱাল

Assam is now corruption-free foreign-free terror-free pollution-free Chief Minister Sonowal

‘নিজ স্বাৰ্থত দল নকৰি দলৰ স্বাৰ্থত কাম কৰক… দলক আগত ৰাখি টিকট বিচাৰক’

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ ‘দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদুষণমুক্ত আৰু বিদেশীমুক্ত অসম নিৰ্মাণত আমি সফলতা অৰ্জন কৰিছো’– বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত এই দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

মুখ্যমন্ত্ৰীৰ বক্তব্য– নিৰ্বাচন আহি আছে, ২০১৬ চনত চৰকাৰ গঠন কৰাৰ সময়ত জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো। আৰু আজি সেই প্ৰতিশ্ৰুতি পালনেৰে কব পাৰো আমি দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদুষণমুক্ত আৰু বিদেশীমুক্ত অসম নিৰ্মাণত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো।

উল্লেখ্য যে কৰিমগঞ্জত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। আগন্তুক ২০২১ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকে বিশেষ তাত্‍পৰ্যবহন কৰিছে।

লক্ষ্যনীয়ভাৱে প্ৰাৰ্থীত্বকলৈ দলৰ মাজত শেহতীয়াকৈ দেখা দিয়া সংঘাতকলৈ মুখ্যমন্ত্ৰীজনে আজি এক তাতপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয়।

নিজৰ ভাষণত তেওঁ কয় যে এটা সমষ্টিতে বহুতে টিকট বিচাৰিছে। মোৰ বক্তব্য দলক আগত ৰাখি টিকট বিচাৰক। টিকট লাভ নকৰিলে বিচলিত নহ’ব। নিজ স্বাৰ্থত দল নকৰি দলৰ স্বাৰ্থত কাম কৰক। কেন্দ্ৰীয় নেতৃত্বই যাক টিকট দিব সেয়া যেন আমি সকলোৱে স্বীকাৰ কৰি লও।

ইপিনে নিজৰ ভাষণত সভাপতি ৰঞ্জিত দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীজনে।

সোণোৱালৰ মতে, ৰণজিত দাসে যি পৰিশ্ৰম কৰিছে সেয়া উৎসাহৰ বিষয়। মই সভাপতি হৈ থাকোতে ইমান কষ্ট কৰিব পৰা নাছিলো। ৰঞ্জিত দাসৰ উদ্যোগতেই আমি তিৱা স্বায়ত্ত পৰিষদ, বিটিচিৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছো বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে।

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম মিলি সমন্বয়েৰে অসম আগবাঢ়িব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিজেপি দলত কাম কৰিলে সততা-নিষ্ঠাৰে কাম কৰিব লাগিব, ৰাষ্ট্ৰভক্তি থাকিব লাগিব।

‘বাজপেয়ী ডাঙৰীয়াই বিজেপি দলৰ প্ৰতিষ্ঠা কালতেই কৈ যোৱা কথাবোৰ মনত ৰাখি মোদী ডাঙৰীয়াই ভাৰতক বিশ্বৰ শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।

মোদী ডাঙৰীয়াৰ প্ৰতিটো আহ্বানক দেশবাসীয়ে আঁকোৱালি লৈছে। নৰেন্দ্ৰ মোদী, বিজেপিক মোকাবিলা কৰিব পৰাকৈ কোনো বিৰোধী শক্তি আজি নাই। সততা, নিষ্ঠা নাই বাবে বিৰোধী দিশহাৰা হৈছে।

সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কেৱল শ্লোগান নহয়।’– সোণোৱালে এনেদৰে কয়।

মুখ্যমন্ত্ৰীজনে আৰু কয় যে শাসন ব্যৱস্থাত যিমান অশৃংখলতা, খেলি-মেলি আছিল আজি সকলো ঠিক হৈছে।

টকা-পইচা ল’বলৈ দুৰ্নীতিপৰায়নসকলে এতিয়া ভয় খায়। পূৰ্বৰ চৰকাৰৰ দিনত মাহে মাহে ধনদাবী, হত্যা-হিংসা আদিৰ ঘটনা ঘটিছিল, এতিয়া হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে।

লক্ষ্যনীয়ভাৱে কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকাৰ সময়তে যান্ত্ৰিক বিজুতি দেখা দিয়ে। ফলত আন্ধাৰতে ভাষণ দিবলগীয়া হয় মুখ্যমন্ত্ৰীক। বিদ্যুত্‍ ব্যাহত হলেও ভাষণ অব্যাহত ৰাখে সোণোৱালে।

Vinkmag ad

Eastern Times

Read Previous

ব্ৰিটিছ প্ৰধানমন্ত্ৰীক ভাৰতলৈ নাহিবলৈ অনুৰোধ আন্দোলনৰত কৃষকসকলৰ

Read Next

বিপিএফ, ইউপিপিএলক একত্ৰিত কৰি বিটিচি দখলৰ নতুন কৌশল হাগ্ৰামাৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.