
ইষ্টাৰ্ন টাইমছ, ১৬ অক্টোবৰ, গুৱাহাটীঃ দেওবাৰে কাতি বিহু। অসমৰ আপামৰ ৰাইজৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এইবাৰ কাতি বিহু পালন কৰিব। পিছে মুখ্যমন্ত্ৰীয়ে কত পালন কৰিব কাতি বিহু?
মঙলদৈৰ বামুণপাৰাৰ পথাৰত বন্তি প্রজ্বলন কৰি কাতি বিহু পালন কৰিব সোণোৱালে। এগছি-দুগছি নহয়, এহেজাৰ চাকিৰে সন্ধিয়া উজলি উঠিব মঙলদৈৰ বামুণপাৰা পথাৰ৷।
মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব মুখ্যমন্ত্রী সোণোৱালে। কাতি বিহুৰ সন্ধিয়া বামুণপাৰা পথাৰত প্রায় এহেজাৰ মহিলাই চাকি জ্বলোৱা এই কার্যসূচীত অংশগ্রহণ কৰিব তেওঁ।
মুখ্যমন্ত্রীগৰাকীৰ এই বিশেষ কার্যসূচীৰ বাবে শুকুৰবাৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস, উপায়ুক্ত দিলীপ বৰুৱা, আৰক্ষী অধীক্ষক অমৃত ভূঞাই মোহনপুৰৰ পথাৰ পর্যবেক্ষণ কৰে।
মঙলদৈৰ বামুণপাৰাৰ সমীপৱর্তী পথাৰত মহিলাসকলৰ এই কার্যসূচীত কোভিড প্রট’কল মানি সহযোগিতা কামনা কৰিছে দৰং জিলা প্রশাসনে।
