ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৫ অক্টোবৰঃ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে পুনৰ যুদ্ধংদেহী ৰূপ লৈছে উত্তৰপূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনবোৰে। দেওবাৰে অৰুণাচল প্রদেশৰ চাংলা জিলাৰ নামপং টেংমৌ হাটলং গাঁৱত আছাম ৰাইফেলছৰ এটা কনভয়ৰ ওপৰত এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এখন পানী টেংকাৰৰ ওপৰত কৰা এম্বুশ্বত ১৯নং আছাম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে।
প্রথমে ৰাস্তাত পুতি ৰখা এটা শক্তিশালী আই ডি বিস্ফোৰণ কৰাৰ পিছত উগ্রপন্থীৰ ২০জনীয়া এটা দলে সেনাৰ পানীৰ টেংকাৰখনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰে। সন্দেহ কৰা মতে আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)ৰ এই এম্বুশ্বত অসম ৰাইফলছৰ জোৱান বীৰেন্দৰ সিং নিহত হোৱাৰ লগতে নৰেন্দ্র দেৱ ভট্ট নামৰ আন এজন জোৱান গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ আঘাতপ্রাপ্ত সেনা জোৱানজনক ইতিমধ্যে সেনাৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷
ঘটনাটোৰ পাছত অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে উগ্রপন্থীবিৰোধী অভিযান তীব্ৰ কৰি তোলা বুলি জানিব পৰা গৈছে। সৃষ্টি কৰিছে তীব্র চাঞ্চল্যও।
