
ইষ্টাৰ্ন টাইমছ, ১০ অক্টোবৰ, গুৱাহাটীঃ ‘আগন্তুক সময়ত অগপ দলক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে৷ কাৰণ দলটো অচিৰেই বিজেপিৰ পেটত গ্রাস হৈ সম্পূর্ণভাৱে বিলীন হৈ যাব৷
আগন্তুক সময়ত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে নৃত্যশিল্পীৰ ভূমিকাত অৱতীর্ণ হৈ ‘আকৌ এবাৰ সর্বাৰ চৰকাৰ’ গানৰ তালে তালে নাচি থকাৰ বাদে আন উপায় নাথাকিব৷’ –এই বিস্ফোৰক মন্তব্য অগপৰ জ্যেষ্ঠ নেতা পবিন্দ্র ডেকাৰ৷
পাঠশালাত পাটাছাৰকুছি সমষ্টিৰ অগপ বিধায়কজনে খোদ এনেদৰে নিজা দলৰ সমালোচনাত মুখৰ হৈ পৰে। উল্লেখ্য যে পঞ্চায়ত নির্বাচনৰ সময়ৰ পৰা অগপ বিধায়ক পবিন্দ্র ডেকাই শীর্ষ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷ ফলত অগপৰ মজিয়াত দূৰত্ব স্পষ্টভাৱে বৃদ্ধি পাইছে পবিন্দ্র ডেকাৰ৷
তাৰ মাজতে যোৱা ৭ অক্টোবৰত পাটাছাৰকুছি সমষ্টিৰ কেইবাগৰাকীও অগপ নেতা–কর্মী আৰু বহু সমর্থকসহ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰঞ্জিত ডেকাই আমবাৰীত আয়োজিত অনুষ্ঠানত অগপত যোগদান কৰে৷
পাটাছাৰকুছিত আগন্তুক নির্বাচনত অগপৰ সম্ভাব্য প্রার্থী ৰূপে চর্চিত হৈছে ড০ ৰঞ্জিত ডেকা৷ এনে সময়ত শুকৰবাৰে সাংবাদিকৰ আগত বিধায়ক পবিন্দ্র ডেকাই অগপ নেতৃত্বৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰে৷ তেওঁ অগপৰ সভাপতি অতুল বৰা, মন্ত্রী কেশৱ মহন্ত আৰু মন্ত্রী ফণীভূষণ চৌধুৰীক ‘ডেন্সাৰ’ আখ্যা দি কয় যে অগপ দলক বিজেপিয়ে এতিয়া গিলি পেলাইছে৷ অগপ দল ইতিমধ্যে বিজেপিৰ পেটত সোমাইছে৷
কেৱল হজম হওঁতে অলপ সময় লাগিব৷ কাৰণ ভাত খালে ১ ঘণ্টাত হজম হয়, কিন্তু মাছ–মাংস খালে অলপ সময় লাগে৷ সেয়ে অগপ হজম হওঁতে অলপ সময় লাগিব৷ অগপই নিজে দলৰ অৱস্থা জয়জয়–ময়ময় বুলি ভাবি আছে৷ কিন্তু দৰাচলতে সেয়া সত্য নহয় আৰু যদিহে অগপ তেনেদৰে হজম হৈ বিজেপিৰ পেটত গ্রাস হয়, তেন্তে পবিন্দ্র ডেকাই অগপত থকাৰ প্রশ্নই নুঠে বুলি দোহাৰে বিধায়কগৰাকীয়ে৷
আনহাতে, অগপ নেতৃত্বই গুৰুত্ব নিদিলেও আগন্তুক নির্বাচনত পবিন্দ্র ডেকাই শক্তিশালীভাৱে পাটাছাৰকুছি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা বুলি ঘোষণা কৰে৷ সকলো কথা জানুৱাৰীত স্পষ্ট হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইপিনে ডেকাই এজেপি দলত যোগদান কৰিব বুলিও চর্চা হৈছে৷ স্বাভাৱিকতে ড০ ৰঞ্জিত ডেকাৰ অগপত যোগদানৰ পাছত এতিয়া পাটাছাৰকুছি সমষ্টিত পবিন্দ্র ডেকাই অধিক তৎপৰ হৈ ৰণনীতি প্রস্তুত কৰি আছে।
