ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ২১ অক্টোবৰঃ এথলেটিক ফেডাৰেচন অফ ইণ্ডিয়াৰ (এ এফ আই) উপসভাপতি পদত মনোনয়ন দাখিল অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱকল্যান বিভাগৰ পৰামৰ্শদাতা কমিটিৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ ৷ বুধবাৰে নতুন দিল্লীত কোঁৱৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।
লক্ষ্যনীয়ভাৱে উক্ত পদত মনোনয়ন পত্ৰ দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হৈছে লক্ষ্য কোঁৱৰ। স্বভাবতই এ এফ আয়ৰ উপসভাপতি পদত কোঁৱৰৰ জয় এতিয়া নিশ্চিত হৈ পৰিছে।
আনহাতে, হকী ফেডাৰেচন অফ ইণ্ডিয়া আৰু ইন্টাৰনেচনেল হকী ফেডাৰেচনৰ পৰা অসমে লাভ কৰিছে জুনিয়ৰ হকী বিশ্বকাপ আয়োজনৰ মৌখিক প্ৰস্তাৱ।
নতুন দিল্লীত সাংবাদিকৰ আগত লক্ষ্য কোঁৱৰে এই কথা জানিবলৈ দিয়ে। মঙলবাৰে দুয়োসংস্থাৰ বিষয়ববীয়াৰে এই সম্পৰ্কত প্ৰাৰম্ভিক আলোচনাত মিলিত হয় কোঁৱৰ ৷ অসমত জুনিয়ৰ হকী বিশ্বকাপ অনুষ্ঠিত হ’লে ক্ৰীড়া ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত ৰাজ্যখনে এক সুকীয়া স্থান লাভ কৰিব বুলি কোঁৱৰে আশা ব্যক্ত কৰে৷
এথলেটিক ফেডাৰেচন অফ ইণ্ডিয়াৰ নতুনকৈ গঠন হবলগীয়া ৰাষ্ট্ৰীয় কমিটিত উপসভাপতি পদত বুধবাৰে অন্তিম দিনটোত মনোনয়ন দাখিল কৰে অসমৰ বিজেপি নেতাজনে।
কোঁৱৰ হৈছে অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱকল্যান পৰামৰ্শদাতা কমিতিৰ সদস্যও ৷
মনোনয়ন দাখিল কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ অগ্ৰণী সংগঠন এথলেটিক ফেডাৰেচনৰ হৈ অসমৰ ক্ৰীড়াক্ষেত্ৰত কাম কৰাৰ হাবিয়াসৰ বাবেই ফেডাৰচনৰ নিৰ্বাচনত মনোনয়ন দাখিল কৰিছো বুলি মন্তব্য কৰে কোঁৱৰে ৷
