ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৫ নৱেম্বৰঃ নিজৰ ৰাজনৈতিক গুৰু বুলি আখ্যা দিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বুধবাৰে শেষ শ্ৰদ্ধা জনায় ৰাহুল গান্ধীয়ে। পুৱাৰ ভাগতেই গুৱাহাটী আহি পোৱা ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি তৰ্পণৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত ৰখা গগৈৰ নশ্বৰদেহত মাল্যাৰ্পন কৰে।
ৰাহুল গান্ধীক সংগ দিয়ে কংগ্ৰেছ সাংসদ তথা প্ৰয়াত গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন বহু ৰাজনৈতিক নেতাই।
শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে ৰাহুল গান্ধীয়ে প্ৰয়াত গগৈৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ পত্নী ডলী গগৈৰ লগতে পৰিয়ালৰ আন সদস্যক সমবেদনা জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগত ৰাহুল গান্ধীৰ বক্তব্য– ‘তৰুণ গগৈ অসমৰ এগৰাকী কংগ্ৰেছ নেতাই নহয়, ৰাজ্যখনৰ এগৰাকী সমৰ্পিত মুখ্যমন্ত্ৰীও আছিল। লগতে তেওঁ আছিল এগৰাকী ৰাষ্ট্ৰীয় নেতা।
গগৈয়ে অসমৰ জনগণৰ ঐক্য আৰু ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। গগৈৰ মৃত্যুত মই এগৰাকী ৰাজনৈতিক শিক্ষকক হেৰুৱালোঁ।’
তেওঁ আৰু কয় যে প্ৰয়াত গগৈৰে কথা পাতিলে এনে লাগে যেন তেওঁ অসমখনৰ লগত কথা পাতি আছে। অসমখনক এনেদৰে নিজৰ অনুভৱৰ মাজত সোমাই লব পাৰিছিল গগৈয়ে।
