Breaking News

এজেপিৰ চৰকাৰ হলে প্ৰতি মাহে ছাত্ৰ-ছাত্ৰীক ৫,০০০, বিশেষভাৱে সক্ষমক ১০,০০০ টকা

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সস্তিয়া প্ৰতিশ্ৰুতিৰ ৰাজনীতিত নামি পৰিল অসম জাতীয় পৰিষদে (এজেপি)।

২০২১ত অসম জাতীয় পৰিষদৰৰ চৰকাৰ হ’লে অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৫০০০ টকা কৈ দিয়া হব। সোমবাৰে সংবাদমেলত এই কথা ঘোষণা কৰিছে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

পূৰ্ণাংগ কমিটী গঠনৰ পিছত লুৰীণজ্যোতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সংবাদমেলত লুৰিণজ্যোতিয়ে কয় যে ২০২১ বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে স্বভিমানৰ বৰ্ষ হ’ব। ২০২১ বৰ্ষতে অসমত জাতীয়তাবাদৰ ভেটি সূদৃঢ় হ’ব। চলিত ২০২০ চনতে অসম চুক্তিৰ ৫নং দফাটোক হত্যা কৰি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন আনিছে।

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়া অসম ভ্ৰমণত বীৰ শ্বহীদ সকলক চূড়ান্ত ভাৱে অপমান কৰা বুলি লুৰীনজ্য়োতিয়ে মন্তব্য কৰে।

ইফালে আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ‘ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন’ শ্লোগানেৰে আগবাঢ়ি যাব এজেপি। অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৫০০০ টকাকৈ প্ৰদান কৰিব বুলিও কয় সভাপতি লুৰিণজ্যোতি গগৈয়ে। সেইদৰে বিশেষ ভাবে সক্ষম সকলক দিব ১০ হাজাৰকৈ টকা।

লক্ষ্যনীয়ভাৱে ২০২১ত অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে অসমত নাগৰিকত্ব সংশোধনী আইন কোনো ভাৱে বলৱত্‍ কৰিবলৈ দয়ি নহয় বুলি লুৰীণজ্যোতিয়ে সংবাদমেলখনত স্পষ্ট কৰি দিয়ে।

Vinkmag ad

Eastern Times

Read Previous

ঝাৰখণ্ডত অসমৰ জোৱানৰ আত্মহত্যা

Read Next

আইলৈ চিঠি, মোৰ প্ৰিয় দেশবাসীঃ অসমীয়াত প্ৰকাশ পাব নৰেন্দ্ৰ মোদীৰ দুখন কিতাপ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.