ইষ্টাৰ্ন টাইমছ, যোৰহাট, ২১ নৱেম্বৰঃ ষটপূজাৰ উলহ-মালহৰ মাজতেই যোৰহাটত শণিবাৰে পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নগৰৰ মাজমজিয়াৰ ৰজামৈদামৰ হৰিজন কলনীত পুৱা প্ৰায় ৬ মান বজাত জুইৰ লেলিহান শিখাই কলনীৰ প্ৰায় ৩৫ টাকৈ ঘৰ আগুৰি ধৰে আৰু জুইত জাহ যায়।
অৱশ্যে কেবা ঘন্টাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ যুঁজাৰুসকলে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। যোৰহাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
উপায়ুক্ত ৰশ্মি অপৰাঞ্জি ক’ৰিটীয়ে জুই লগাৰ প্ৰকৃত কাৰণ এটা চাৰ্জাৰ লাইট বুলি জানিবলৈ দিয়ে। ষটপূজাৰ বাবে ঘৰকেইটাত কোনো মানুহ নথকাৰ বাবে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে বুলিও কয়।
উল্লেখ্য যে অগ্নিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়া মূল্যায়ণ কৰি থকা হৈছে।
তদুপৰি উপায়ুক্তই চৰকাৰৰ পৰা সহায়-সহযোগিতা প্ৰতিশ্ৰুতি আৰু দুৰ্গতসকলৰ বাবে ভাৰতী হাইস্কুল আৰু হৰিজন এল পি স্কুলত ৰিলিফ কেম্প খোলাৰ ব্যৱস্থা কৰা হৈছে।
ইফালে পুৱাৰে পৰাই হৰিজন কলনীত আজি কান্দোনৰ ৰোলৰে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
