ইষ্টাৰ্ন টাইমছ, গুৱাহাটী ২১ অক্টোবৰঃ ২৬ বছৰ ধৰি ভূটানৰ জেলত বন্দী অসমৰ এজন লোকৰ মৃত্যুৰ বাতৰিয়ে চিৰাং জেলাত চাঞ্চল্য সৃষ্টি কৰিছে। মংগলবাৰে ভূটান আৰক্ষীয়ে মৃত লোকজনৰ মৃতদেহ চিৰাং আৰক্ষীক গতাই দিয়ে।
পৰিতাপৰ বিষয়টো হৈছে পুত্ৰই চিনাক্ত কৰিব নোৱাৰিলে পিতৃৰ মৃতদেহ। ২৬ বছৰ পুৰ্ব্বে দুবছৰীয়া সন্তান সহ পৰিয়াল এৰি ভূটানৰ জেলত বন্দী হোৱা লোকজনৰ দুবছৰীয়া পুত্ৰ আজি ২৮ বছৰীয়া।
জানিৱ পৰা মতে ১৯৯৪ চনত বৰ্তমানৰ চিৰাং জিলাৰ (তেতিয়াৰ বঙাইগাঁও জিলা) আমগুৰি থানাৰ অন্তৰ্গত ৰাণীঝোৰাৰ বাসিন্দা খৰ্গ বাহাদুৰ প্ৰধান নামৰ লোক জনে ধৰ্ষণ আৰু হত্যাৰ গোচৰত ভূটানত ৩০ বছৰ জেল হৈ জেলত কাৰাৰুদ্ধ হৈ আছিল ১৯৯৪ চনৰ পৰা। লোক জনৰ পুতেক ছানু বাহাদুৰ প্ৰধান দুবছৰীয়া থকা অৱস্থাতে পিতৃৰ জেল হৈছিল।
তাৰ পিচত মাতৃয়ে তুলি তালি ডাঙৰ কৰিছিল ছানু বাহাদুৰ প্ৰধানক । এতিয়া তেওঁৰ বয়স ২৮ বছৰ।
ইতিমধ্যে কেইবছৰ মান পুৰ্বে মাতৃৰো মৃত্যু হৈছে । এনে অৱস্থাত হঠাতে মংগলবাৰে ২৬ বছৰৰ পিচত চিৰাং আৰক্ষীয়ে বিচাৰি ওলিয়ালে ছানু বাহাদুৰ প্ৰধানক পিতৃক চিনাক্ত কৰাৰ বাবে।
কাৰণ পিতৃ খৰ্গ বাহাদুৰ প্ৰধানৰ মৃত্যু হৈছে ভূটানৰ জেলত। তাৰ পিছত ভূটানে ভাৰতীয় দুতাবাসৰ জড়িয়তে চিৰাং জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি বিয়লি ৫ বজাত ভূটানৰ দাদগিৰি গেটেৰে মৃতদেহ চমজাই দিয়ে চিৰাং জিলা প্ৰশাসনৰ ওচৰত।
চিৰাং আৰক্ষীয়ে পুতেক ছানু বাহাদুৰক পিতৃক চিনাক্ত কৰা আৰু মৃতদেহ চমজি লোৱাৰ বাবে মাতে । সেই মতে পুতেক দাদগিৰিত উপস্থিত হয় যদিও দুবছৰীয়া থকাৰে পৰা পিতৃক নেদেখা জনে আজি পিতৃৰ মৃতদেহ চিনাক্ত কৰিব নোৱাৰিলেও গাঁও বাসীৰ কথাত মৃতদেহ চমজি লয় আৰু চিৰাং আৰক্ষীয়ে মৃতদেহ আনি আমগুৰি থানাত ৰাখিছে নিশা।
বুধবাৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ পিছতহে পৰিয়ালক গতাই দিব বুলি চিৰাং জিলা আৰক্ষী সুত্ৰে প্ৰকাশ।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আমগুৰি অঞ্চল তথা চিৰাং জিলাৰ গোৰ্খা লোক সকলৰ মাজত এক চাঞ্চল্যৰ সৃষ্টী কৰিছে।
