Breaking News

বিজেপি-বিৰোধী জোঁট বন্ধন সম্ভৱ হ’বগৈনে? কংগ্ৰেছৰ পিছত এইবাৰ তৎপৰ এ আই ইউ ডি এফ

2021 Assembly election assam

2021 Assembly election assam

গিৰীন্দ্ৰ শইকীয়া

গুৱাহাটী : ২০২১ৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ অসমত সৰু-বৰ বিভিন্ন ৰাজনৈতিক শক্তিৰ খদমদম লাগিছে।

এইকেইটা দিনত ইটোৰ পাছত সিটো নতুন ৰাজনৈতিক দলৰো আত্মপ্ৰকাশ ঘটিছে। অন্যান্য ৰাজনৈতিক দলসমূহৰ কথা বাৰু বাদ, আছু-এজেৱাইচিপিৰ তৎপৰতাত গঠিত ‘অসম জাতীয় পৰিষদ’ (এজেপি) আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত গঠিত ‘ৰাইজৰ দল’ৰ ৰাজ্যখনত বিক্ষিপ্তভাৱে হ’লেও গণভিত্তি নথকা নহয় বুলি সৃষ্টি হোৱা ধাৰণাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই দল দুটাক একত্ৰিত কৰি বিজেপি-বিৰোধী যুঁজত নমাবলৈ শেহতীয়াকৈ তৎপৰ হৈ পৰিছে এ আই ইউ ডি এফ।

এই উদ্দেশ্যেই দীৰ্ঘ সময় ধৰি বাহিৰত থকা দলটোৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল আহি গৃহৰাজ্যখনত উপস্থিত হৈছেহি। অলপতে এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃবৰ্গৰ মাজত এই বিষয়ত এখন বৈঠকো অনুষ্ঠিত হৈ গৈছে।

বিজেপি-বিৰোধী শক্তিসমূহক একেলগ কৰিবৰ বাবে বিগত কিছু দিন ধৰি কংগ্ৰেছে, বিশেষকৈ দলটোৰ সভাপতি ৰিপুণ বৰাই যথেষ্ট চেষ্টা চলাইছিল যদিও এতিয়ালৈকে সেই চেষ্টাই কোনো সুফল দিয়া নাই।

এজেপি আৰু ৰাইজৰ দলৰ গৰিষ্ঠসংখ্যক নেতা-আহ্বায়কে বিজেপিক যিমান শত্ৰু বুলি গণ্য কৰে, কংগ্ৰেছকো তাতকৈ কোনো গুণে কম নাভাবে। সেয়ে কংগ্ৰেছ থাকিলে এই নবগঠিত দল দুটা চামিল হোৱাটো নিমিলা অংক হৈয়ে আছে। আনহাতে, বিৰোধী শক্তি ঐক্যবদ্ধ নহ’লে বিজেপিক ওফৰাব পৰা নাযাব বুলি কংগ্ৰেছ বদ্ধপৰিকৰ। সেয়ে, অৱশেষত থমকি ৰোৱা যেন হৈছে যদিও কংগ্ৰেছ সাংসদ ৰিপুণ বৰাই আশা এৰি দিয়া নাই।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ২০২১ৰ নিৰ্বাচনত একেলগ হৈ অৱতীৰ্ণ হোৱাটো নিশ্চিত হোৱাৰ পিছত, এতিয়া শলা-পৰামৰ্শ কৰিয়েই নতুন দল দুটাক সৈমান কৰোৱাৰ দায়িত্ব লৈছে এ আই ইউ ডি এফে।

 

ইফালে, অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়ায়ো বিভিন্ন মাধ্যমৰ লগতে টুইটাৰযোগেও বিজেপি-বিৰোধী দলসমূহক কংগ্ৰেছৰ বেনাৰত একগোট হ’বলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ নেতৃত্বত বিজেপি-বিৰোধী দলসমূহ একেলগ হৈ অৱতীৰ্ণ নহ’লে অহা নিৰ্বাচনত গেৰুৱা দলটোক পৰভূত কৰা সমীচীন নহ’ব বুলিও তেওঁ উল্লেখ কৰিছে।

আনহাতে, সম্প্ৰতি কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বিৰোধী শক্তিসমূহ এটা দল হিচাপে এখন পতাকাৰ তলত এটাই প্ৰতীক লৈ যুঁজ দিয়াৰ কথা কৈছে। এই আহ্বান সাৰোগত হ’বলৈ হ’লে প্ৰস্তাৱিত জোঁট বন্ধনত কংগ্ৰেছ থকাৰ প্ৰশ্নই নাহে।

এতিয়া, উত্থাপিত হৈছে কংগ্ৰেছ-বিজেপিক বাদ দি বাকী ৰাজনৈতিক শক্তিসমূহৰ একত্ৰীকৰণৰ প্ৰসংগ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ লগত ৰাজ্যখনৰ ৭০টা জনগোষ্ঠীয় সংগঠন আছে বুলি দাবী কৰিলেও ইয়াৰ অধিকাংশৰে লেখত ল’বলগীয়াকৈ গণভিত্তি থকা পৰিলক্ষিত নহয়। বেছিভাগ দলেই নামমাত্ৰ, নেতাভিত্তিক।

ইফালে, নৱগঠিত এজেপিৰ শক্তিও অকলশৰীয়াকৈ নগণ্যপ্ৰায়।
আৰ জে ডি, এন চি পি, তৃণমূল কংগ্ৰেছ, এন পি পি আদি দলৰ অসমত একো একোখন সমিতি বা আহ্বায়ক সমিতি আছে যদিও অকলে অকলে যুঁজিব পৰাকৈ শক্তিশালী নহয়। তেনে স্থলত অসমত বিৰোধীৰ জোঁট বন্ধন বা তৃতীয় বিকল্পৰ প্ৰসংগটো বিভিন্ন ৰাজনীতিকৰ দিবাস্বপ্নত পৰিণত হ’ব নেকি?

তাহানি ‘৮৫ৰ নিৰ্বাচনত, ভোট বৰ্জনৰ প্ৰতিবাদে ব্যাপক ৰূপ লোৱাৰ সময়ত, ৩০-৪০টা ভোটেৰেও এম এল এ হোৱাৰ লেখীয়াকৈ, এইবাৰো বহুধা-বিভাজনৰ ফলত মাত্ৰ কেইহাজাৰমানকৈ ভোট পায়েই কোনো কোনো লোক জনপ্ৰতিনিধি হ’ব নেকি? যদি সেয়ে হয়, তেনেহ’লে আপুনি-মই অধিকাংশ লোকে নিবিচৰা সত্ত্বেও নগণ্যসংখ্যক লোকৰ সমৰ্থনতে খেনোৱে আমাক শাসন কৰাৰ বা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। যিটো আমাৰ গণতন্ত্ৰৰ এটা ডাঙৰ বিড়ম্বনা।

Vinkmag ad

Eastern Times

Read Previous

দুৰ্ধৰ্য আলফাৰ জীৱন উবাচ এ কে ৪৭ লৈ ঘুৰি ফুৰা জয় নাথৰ হাতত এতিয়া ভঙা-চিঙা লোহা-টিন

Read Next

পুনৰ খোল খালে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ, অস্বস্তিত ৰিপুণ বৰা সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানী

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.