Breaking News

১ নৱেম্বৰৰ পৰা অসমত শ্ৰেণীকোঠাত পাঠদানৰ প্ৰস্তুতি

Preparations for classroom teaching in Assam

Preparations for classroom teaching in Assam

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৭ অক্টোবৰঃ কৰোনাকালীন পৰিৱেশ কিছু পৰিমাণে স্বাভাৱিক হৈছে। সেয়েহে অসমত বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ প্রস্তুতি চলিছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ১৫ অক্টোবৰৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্রয়োজনীয় নীতি–নিয়ম জাৰি কৰিছে৷ অসমতো এই নীতি–নিয়মৰ আধাৰতে ১ নৱেম্বৰৰ পৰা স্কুল–কলেজ খোলাৰ প্রস্তুতি চলাইছে শিক্ষা বিভাগে।

বুধবাৰে অসমৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা অৱগত কৰি কয় যে ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে অহা ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্রকাশ কৰিব নতুন গাইডলাইন। নতুন গাইডলাইন অনুসৰি বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰিব পাৰিব কর্তৃপক্ষ। এই সন্দর্ভত মন্ত্রী শর্মাৰ বক্তব্য– ১ নৱেম্বৰৰ পৰা চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকলক শিক্ষানুষ্ঠানলৈ অনাৰ বাবে শিক্ষা বিভাগে চিন্তা–চর্চা কৰি আছে। ইয়াৰ বাবে ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত শিক্ষা বিভাগে নতুন প্রট’কল প্রকাশ কৰিব।

ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিদ্যালয় খোলাৰ বাবে যি নীতি–নিয়ম জাৰি কৰিছে, তাৰ আধাৰতে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ১৫ অক্টোবৰৰ পৰা বিদ্যালয় খোলাৰ নীতি–নির্দেশনা দিছে যদিও দুর্গা পূজাৰ পৰিপ্রেক্ষিতত ১ নৱেম্বৰৰ পৰা ৰাজ্যত পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম যি নীতি–নিয়মৰ আধাৰত চলি আছে, তেনে নীতি–নিয়ম অনুসৰিয়েই আন শ্রেণীৰ পাঠদান চলিব।

অৱশ্যে প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক বিদ্যালয়লৈ অনা নহ’ব। ষষ্ঠ শ্রেণীৰ পৰা বিশ্ববিদ্যালয় পর্যায়ৰ ছাত্র–ছাত্রীসকলৰ বাবেহে পাঠদান মুকলি হ’ব। পিছে ছাত্রাৱাস খোলাৰ অনুমতি দিয়া নহব। হয়তো সপ্তাহত এদিন পাঠদান হ’ব পাৰে৷ তেনেধৰণে ক’ভিড প্রট’কল আগত ৰাখি পাঠদানৰ নীতি–নিয়ম প্রস্তুত কৰা হ’ব।

উল্লেখ্য যে ইতিমধ্যে ১ ছেপ্ঢেম্বৰৰ পৰা নৱম, দশম, একাদশ, দ্বাদশৰ চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকলৰ পাঠদান প্রক্রিয়া নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে চলি আছে৷ এই পাঠদানৰ সময়ছোৱাত এতিয়া লৈকে কৰোনা সংক্ৰান্ত কোনো ধৰণৰ নেতিবাচক খবৰ অহা নাই। যাৰ বাবে ৰাজ্য চৰকাৰে একেই নিয়মেৰে স্কুল–কলেজৰ পাঠ্যক্রম আৰম্ভ কৰাৰ প্রস্তুতি চলাই আছে।

Vinkmag ad

Eastern Times

Read Previous

গুৱাহাটী পালেহি এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত, ৬ দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ

Read Next

দুৰ্বল প্ৰদৰ্শনঃ ৰাজস্থান ৰয়েলছৰ মূল একাদশত স্থান হেৰুৱালে অসমৰ ৰিয়ান পৰাগে

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.