Breaking News

বিপাঙত আজমলঃ মাৰকাজুলৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তদন্তৰ নিৰ্দেশ

অসম-মণিপুৰৰ শিশু নিকেতনৰ পৰা সন্ধানহীন ৩০২, এনচিপিচিআৰৰ অনুসন্ধানত ভয়ংকৰ তথ্য

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মাৰকাজুল মাৰিফ নামৰ বেচৰকাৰী সংগঠনটোৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তদন্তৰ নিৰ্দেশ দিছে।

মাৰকাজুল মাৰিফৰ বিৰুদ্ধে শেহতীয়াকৈ চীনৰ প্ৰতিষ্ঠানকে ধৰি আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

তদুপৰি মাৰকাজুল মাৰিফে পৰিচালনা কৰা অসমৰ ৫ খন আৰু মণিপুৰৰ এখন শিশু নিকেতনৰ পৰা ৩০২টি শিশু এই মুহূৰ্তত সন্ধানহীন হৈ থকা বুলি শিশু অধিকাৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় আয়োগৰ (এনচিপিচিআৰ) শেহতীয়া অনুসন্ধানত পোহৰলৈ আহিছে।

সমগ্ৰ বিষয়টোৰ গুৰুত্ব তথা সংবেদনশীলতাৰ কথা বিবেচনা কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মাৰকাজুল মাৰিফৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে বুলি এচিপিচিআৰৰ অধ্যক্ষ প্ৰিয়ংক কানুংগই মংগলবাৰে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।

কানুংগই প্ৰকাশ কৰা মতে, যোৱা ১৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত মাৰকাজুল মাৰিফে পৰিচালনা কৰা অসমৰ ধুবুৰী, গোৱালপাৰা, হোজাই আৰু নগাওঁ জিলাৰ পাঁচখন আৰু মণিপুৰৰ থাওবালৰ এখন শিশু নিকেতনত এনচিপিচিআৰৰ তদন্তকাৰী দল এটাই পৰিদৰ্শন কৰিছিল।

সেই মুহূৰ্তত উক্ত ৬ শিশুনিকেতনত মুঠ ১,০৮০টি শিশুৰ নাম পঞ্জীভূক্ত কৰা আছিল। অথচ এনচিপিচিআৰৰ তদন্তকাৰী দলটোয়ে ইয়াৰ ভিতৰত ৭৭৮টি শিশুৰ সন্ধান লাভ কৰে। বাকী ৩০২টি শিশু সন্ধানহীন বুলিহে এনচিপিচিআৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

যোৱা ২৬ ডিচেম্বৰত গৃহ মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত এয়াও স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মাৰকাজুল মাৰিফে তুৰ্কীৰ বেচৰকাৰী সংগঠন ইনছানি য়াৰ্দিম ৱাকফিৰ (আইএইচএইচ) পৰা সময়ে সময়ে বৃহত অংকৰ পুঁজিৰ যোগন লাভ কৰিছিল।

কোৱা হৈছে এই আইএইচএইচৰ সৈতে বিশ্বত্ৰাসী সন্ত্ৰাসবাদী সংগঠন আল-কাইদাৰ পোনপোটিয়া সম্পৰ্ক আছে। এনচিপিচিআৰৰ প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে ২০১০ চনৰ বিদেশী পুঁজি (নিয়ন্ত্ৰণ) আইন উলংঘা কৰি বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেচনৰ জৰিয়তে মাৰকাজুল মাৰিফে চীনৰ এক প্ৰতিষ্ঠানৰ পৰাও ধন সংগ্ৰগ কৰিছে।

সংবাদমাধ্যমৰ আগত এনচিপিচিআৰৰ অধ্যক্ষ প্ৰিয়ংক কানুংগই দাবী কৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তদন্তত অহা দুই তিনি মাহৰ ভিতৰত আজমল ফাউণ্ডেচন, মাৰকাজুল মাৰিফৰ বিৰুদ্ধে আৰু ভয়ংকৰ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনস্থ আইন অধিকাৰ সম্পৰ্কীয় সংগঠন লিগেল ৰাইটছ অবজাৰ্ভেটৰিয়ে সৰ্বপ্ৰথম আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে একাধিক সন্ত্ৰাসবাদী সংগঠনৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

লিগেল ৰাইটছ অবজাৰ্ভেটৰিৰ অভিযোগ মৰ্মেই এচিপিচিআৰৰ তদন্তকাৰী দলে মাৰকাজুল মাৰিফৰ শিশুনিকেতনসমূহ পৰিদৰ্শন কৰিছিল। লগতে আজমল ফাউণ্ডেচন তথা মাৰকাজুল মাৰিফে যে চীনৰ সংস্থাকে ধৰি সন্ত্ৰাসবাদী সংগঠনসমূহৰ পৰা ধন সংগ্ৰহ কৰিছিল সেয়া এনচিপিচিআৰে তদন্ত প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে।

Vinkmag ad

Eastern Times

Read Previous

আইলৈ চিঠি, মোৰ প্ৰিয় দেশবাসীঃ অসমীয়াত প্ৰকাশ পাব নৰেন্দ্ৰ মোদীৰ দুখন কিতাপ

Read Next

আঢ়ৈ বছৰ ধৰি নাই ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিঃ বিধানসভাত মোদী চৰকাৰৰ বঞ্চনাৰ কথা উদঙালে মন্ত্ৰী হিমন্ত বিশ্ব

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.