ইষ্টাৰ্ন টাইমছ, কলকাতা, ১৫ নৱেম্বৰঃ নক্ষত্ৰপতন ঘটিল বাংলা চলচ্চিত্ৰ জগতত। ৮৬ বছৰ বয়সত বিয়োগ ঘটিল মহাতাৰকা, অভিনেতা-নাট্যকাৰ-কবি-চিত্ৰকাৰ সৌমিত্ৰ চট্টোপাধ্যায়ৰ।
প্ৰথমতে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিতসাধীন হোৱা মহাতাৰকাগৰাকীয়ে কৰোনা যুঁজত জয়লাভ কৰিলেও পৰবৰ্তী সময়ত শাৰীৰীক বিভিন্ন ব্যাধিয়ে গা কৰি উঠে।
শুকুৰবাৰৰ পৰাই সৌমিত্ৰৰ শাৰীৰীক অৱস্থাৰ আশংকাজনক অৱনতি ঘটিবলৈ আৰম্ভ কৰে। হৃদযন্ত্ৰ আৰু যকৃতৰ জটিলতা ক্ৰমাত দ্ৰুত গতিত বৃদ্ধি পায়। লগতে সমান্তৰালকৈ বাঢ়ি গৈ থাকে হাৰ্ট ৰেট।
ইয়াৰ পিছত স্নায়বিক সমস্যাও গা কৰি উঠে। শৰীৰত অক্সিজেনৰ মাত্ৰা অস্বাভাবিক ভাবে তাৰাতম্য ঘটে।
শণিবাৰে আবেলি চিকিতসকসকলে কোনো লুক-ঢাক নৰখাকৈ জনাই দিয়ে যে অলৌকিক কিবা নঘটিলে সৌমিত্ৰ চট্টোপধ্যায়ক বঁচাবলৈ আৰু কোনো উপায় নাই।
অৱশেষত দেওবাৰে ১২ বাজি ১৫ মিনিটত ইহলীলা ত্যাগ কৰে মহাতাৰকা গৰাকীয়ে। যিখন হাস্পাতালত তেওঁ ভৰ্তি আছিল সেই হাস্পাতালেই আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰে।
